/asomiyapratidin/media/media_files/2025/01/22/SnNJcjLLkv3ku6AahZm1.jpg)
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ জালগাওঁ জিলাত আজি সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। এই দুৰ্ঘটনাত অতি কমেও ৮ জন যাত্ৰীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আৰু কেইবাজনো যাত্ৰী আহত হৈছে।
চলন্ত ৰে’লত অগ্নি সংযোগৰ ভুৱা খবৰ বিয়পি পৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। প্ৰাৰম্ভিক খবৰ অনুসৰি পুষ্পক এক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ৰে’লখন হঠাত অগ্নি সংযোগৰ খবৰ বিয়পি পৰে।
একাংশ যাত্ৰীয়ে ৰে’লখনে ব্ৰেক মাৰাৰ সময়ত স্পাৰ্ক কৰা প্ৰত্যক্ষ কৰিয়েই অগ্নি সংযোগ হোৱা বুলি সন্দেহ কৰাৰ ফলতে এই ভুৱা খবৰ বিয়পি পৰে। ফলত প্ৰাণ ৰক্ষা কৰিবলৈকে একাংশ যাত্ৰীয়ে ৰে’লখনৰ পৰা জপিয়াবলৈ আৰম্ভ কৰে।
সেই সময়তে কাষৰ ট্ৰেকেৰে আহি আছিল কৰ্ণাটক এক্সপ্ৰেছ নামৰ আন এখন যাত্ৰীবাহী ৰে’ল। ফলত দুয়োখন ৰে’লৰ মাজত জপিয়াই দিয়া যাত্ৰীসকল আৱদ্ধ হৈ পৰাৰ লগতে ৰে’লখনৰ খুন্দাত ৮ জনকৈ যাত্ৰীৰ মৃত্যু হয়।
এই ঘটনা জালগাওঁ জিলাৰ পাছোৰা ষ্টেচনৰ কাষত সংঘটিত হৈছে। জিলাখনৰ আয়ুক্তগৰাকীয়ে জনোৱা অনুসৰি আহতসকলৰ চিকিৎসাৰ বাবে তিনিখনকৈ হাস্পতাল সক্ৰিয় হৈ পৰিছে।
আনহাতে জিলাখনৰ অতিৰিক্ত আৰক্ষী, আৰক্ষী অধীক্ষককে ধৰি জিলাখনৰ সকলো শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হৈছে। ঘটনাস্থলীত ৮ খনকৈ এম্বুলেঞ্চে উদ্ধাৰ কৰা আহত যাত্ৰীসকলক হাস্পতাললৈ ততাতৈয়াকৈ লৈ গৈছে। তাৰোপৰি কেইবাখনো অতিৰিক্ত বাহন ঘটনাস্থলীত উপস্থিত আছে।
নাছিকৰ ডিভিজনেল কমিছনাৰগৰাকীয়ে জনোৱা অনুসৰি ৮ জন লোকৰ মৃত্যু নিশ্চিত হৈছে। এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰশাসনে সকলোধৰণৰ সহযোগিতাৰ বাবে প্ৰস্তুত হৈ আছে।
আনহাতে ৰে’ল বিষয়াই ঘটনা সন্দৰ্ভত কয়, কোনো যাত্ৰীয়ে এলাৰ্ম চেইন টানি দিছিল। আৰু তাৰ পাছতেই যাত্ৰীসকলে জপিয়াবলৈ আৰম্ভ কৰিছিল।
ৰে’লখনত স্পাৰ্ক কৰাৰ ঘটনাৰ সন্দৰ্ভত তেওঁ কয়, হট এক্সেল অথবা ব্ৰেক বাইণ্ডিঙৰ পৰা স্পাৰ্ক হৈছিল। সেয়ে সেই দৃশ্য দেখি একাংশ যাত্ৰীয়ে ভয় খাইছিল। লগতে তেওঁ ৰে’ল বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো ঘটনাস্থলীলৈ আহিছে বুলি জনাইছে।
অৱশ্যে ৰে’ল বিভাগে এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘটৱা সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰা নাই। ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে শোক প্ৰকাশ কৰিছে। ৰে'লখনত আছিল উত্তৰ প্ৰদেশৰ বহু যাত্ৰী।
সমান্তৰালকৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছেও ঘটনাত শোক প্ৰকাশ কৰি জিলা প্ৰশাসনক সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
#WATCH | At least 8 passengers of Pushpak Express suffered grievous injuries after being hit by Karnataka Express in Pachora of Jalgaon district. Visuals from the hospital in Jalgaon where the injured have been rushed to.
— ANI (@ANI) January 22, 2025
As per Railway officials, an incident of alarm chain… pic.twitter.com/bxS6FqbDqh