গেছ লিক হৈ ৯ জনৰ মৃত্যু, ১১ জন চিকিৎসালয়ত ভৰ্তি

গেছ লিক হৈ মৃত্যু মুখত পৰে ৯ জনকৈ লোক । আনহাতে ১১ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

author-image
Asomiya Pratidin
New Update
গেছ লিক হৈ ৯ জনৰ মৃত্যু,  ১১ জন চিকিৎসালয়ত ভৰ্তি

ডিজিটেল ডেস্কঃ গেছ লিক হৈ মৃত্যু মুখত পৰে ৯ জনকৈ লোক । আনহাতে ১১ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনা পঞ্জাৱৰ লুধিয়ানাৰ। ঘটনা সংঘটিত হোৱাৰ পাছতেই উক্ত অঞ্চলটোত আৰক্ষী উপস্থিত হয়।

বৰ্তমানলৈকে আৰক্ষীয়ে জানিব পৰা নাই গেছ লিকেজৰ কাৰণ। অৱশ্যে এটা কাৰখানাৰ পৰা গেছ লিক হোৱা বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ অভিযান আৰম্ভ কৰিছে। আনহাতে এন ডি আৰ এফ বাহনীও উক্ত ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটোৰ লোকসকলক স্থানান্তৰ কৰি আছে।

ঘন জনবসতিপূৰ্ণ অঞ্চলটো আৰক্ষীয়ে ইতিমধ্যে ছীল কৰিছে। এই সন্দৰ্ভত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ট মানে কৈছে যে উদ্ধাৰ অভিযান চলাই থকা হৈছে আৰু সকলো ধৰণৰ সহায়ে কৰা হ'ব।

Also Read: কাৰ্তিক কলিতা ঢকুৱাখনাৰ মহকুমাধিপতি নিযুক্তি