Advertisment

গ্ৰেপ্তাৰ হ'ল প্ৰশান্ত কিশোৰঃ অনশনস্থলীৰ পৰা চোচৰাই নিলে আৰক্ষীয়ে...

সোমবাৰে পুৱতি নিশা পাটনাৰ গান্ধী ময়দানৰ পৰা আৰক্ষীয়ে চোচৰাই লৈ গ'ল প্ৰশান্ত কিশোৰক। বিহাৰ লোকসেৱা আয়োগৰ পৰীক্ষাৰ কেলেংকাৰী, দুৰ্নীতি আৰু বিসংগতিৰ বিৰুদ্ধে আমৰণ অনশনত বহা প্ৰশান্ত কিশোৰক পুৱতি নিশা সমৰ্থকসহ গ্ৰেপ্তাৰ কৰাৰ পাছতে উত্তাল হৈ পৰিছে বিহাৰ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
গ্ৰেপ্তাৰ হ'ল প্ৰশান্ত কিশোৰঃ অনশনস্থলীৰ পৰা চোচৰাই নিলে আৰক্ষীয়ে...

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱতি নিশা পাটনাৰ গান্ধী ময়দানৰ পৰা আৰক্ষীয়ে চোচৰাই লৈ গ'ল প্ৰশান্ত কিশোৰক। বিহাৰ লোকসেৱা আয়োগৰ পৰীক্ষাৰ কেলেংকাৰী, দুৰ্নীতি আৰু বিসংগতিৰ বিৰুদ্ধে আমৰণ অনশনত বহা প্ৰশান্ত কিশোৰক পুৱতি নিশা সমৰ্থকসহ গ্ৰেপ্তাৰ কৰাৰ পাছতে উত্তাল হৈ পৰিছে বিহাৰ।

Advertisment

 

প্ৰশান্ত কিশোৰৰ সমৰ্থকসকলে দাবী কৰিছে তেওঁলোকৰ নেতাক গ্ৰেপ্তাৰ কৰি ক'লৈ লৈ গৈছে সেই বিষয়ে আৰক্ষীয়ে তেওঁলোকক কোনো কথাই জানিবলৈ দিয়া নাই। প্ৰশান্ত কিশোৰ সম্পৰ্কে কোনো তথ্যই তেওঁলোকৰ হাতত দিয়া নাই আৰক্ষীয়ে।

 

পাটনাৰ আৰক্ষী অধীক্ষক চন্দ্ৰশেখৰ সিঙে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কয় যে, প্ৰশান্ত আৰু তেওঁৰ সমৰ্থকসকলক গান্ধী ময়দানৰ পৰা সোমবাৰে পুৱতি নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ'ব। 

 

আনহাতে প্ৰশান্ত কিশোৰৰ সমৰ্থকসকলে অভিযোগ কৰিছে গান্ধী ময়দানৰ অনশনস্থলীৰ পৰা প্ৰশান্ত কিশোৰক শক্তি প্ৰয়োগ কৰি তুলি লৈ যোৱা হৈছে। তেওঁক এম্বুলেঞ্চত তোলাৰ সময়ত আৰক্ষী আৰু তেওঁৰ সমৰ্থকৰ মাজত টনা-আঁজোৰাও হয়।

 

একাংশই দাবী কৰিছে আমৰণ অনশনত থকা প্ৰশান্ত কিশোৰক এম্বুলেঞ্চত তোলাৰ সময়ত এগৰাকী আৰক্ষী বিষয়াই প্ৰহাৰ কৰিছে। সামাজিক মাধ্যমত প্ৰশান্ত কিশোৰক টানি-আঁজুৰি এম্বুলেঞ্চত আৰক্ষীয়ে উঠাই লৈ যোৱাৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

 

উল্লেখ্য যে, বিহাৰ লোক সেৱা আয়োগৰ ৭০ সংখ্যক পৰীক্ষাত অনিয়মৰ অভিযোগত শেহতীয়াকৈ বিহাৰত শিক্ষাৰ্থীসকলে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰ মাজতেই প্ৰশান্ত কিশোৰে এই আন্দোলনৰ প্ৰতি সহাৰি জনাই নিজেও আন্দোলনত জপিয়াই পৰিছে।

 

তেওঁ প্ৰতিবাদৰ অংশ হিচাপে গান্ধী ময়দানত ২ জানুৱাৰীৰ পৰা আমৰণ অনশনত বহিছে। তেওঁৰ দাবী পুনৰ নতুনকৈ অনুষ্ঠিত কৰক বিহাৰ লোক সেৱা আয়োগৰ পৰীক্ষা। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এই পৰীক্ষা বাতিলৰ দাবীৰে আৰু নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চাকৰি প্ৰাৰ্থীসকলে যোৱা কিছুদিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে।

 

বিহাৰ লোক সেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰীক লৈ সমালোচনাৰ সন্মুখীন হৈছে নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰখন। বিভিন্ন বিৰোধী ৰাজনৈতিক দলৰ লগতে জন সুৰজ পাৰ্টীৰ নেতা প্ৰশান্ত কিশোৰেও তেওঁক চোকা সমালোচনা কৰি আহিছে।

 

তেওঁ নীতিশক সমালোচনা কৰি কৈছিল, বিহাৰৰ চৰকাৰী নিযুক্তিত দীৰ্ঘদিন ধৰি খেলিমেলি হৈ আহিছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ব্যক্তিগত প্ৰয়োজনৰ বাবে বাৰে বাৰে দিল্লীলৈ যাব পাৰে কিন্তু নিজৰ ৰাজ্যৰ চাকৰিপ্ৰাৰ্থীসকলক এবাৰ সাক্ষাৎ কৰিব নোৱাৰে।

 

মন কৰিবলগীয়া যে, বিহাৰ চৰকাৰে ছাত্ৰসকলৰ এই প্ৰতিবাদক যিকোনো প্ৰকাৰে দম কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। যোৱা ২৯ ডিচেম্বৰত প্ৰতিবাদী ছাত্ৰৰ ওপৰত গান্ধী ময়দানত লাঠি চাৰ্জ কৰিছিল আৰক্ষীয়ে।

 

এই প্ৰতিবাদী কাৰ্যসূচীতো উপস্থিত আছিল প্ৰশান্ত কিশোৰ। সেয়ে সেইদিনাই তেওঁৰ বিৰুদ্ধে বিহাৰ আৰক্ষীয়ে ৰুজু কৰিছিল প্ৰতিবাদকাৰীক উচটনি দিয়াৰ অভিযোগ। সেই অভিযোগতেই সোমবাৰে পুৱতি নিশা তেওঁক অনশনস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

 

 

নীতিশ কুমাৰ প্ৰশান্ত কিশোৰ বিহাৰ