প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সিঙত অংশ লোৱা নাই কেৰালাৰ মুখ্যমন্ত্ৰীয়ে, কিয়!

প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সিঙত অংশ লোৱা নাই কেৰালাৰ মুখ্যমন্ত্ৰীয়ে, কিয়!

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সিঙত অংশ লোৱা নাই কেৰালাৰ মুখ্যমন্ত্ৰীয়ে, কিয়!

ডিজিটেল ডেস্কঃ দেশৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ' কনফাৰেন্সিম যোগে বৈঠক অব্যাহত ৰাখিছে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে। দিল্লী, পশ্চিম বংগ, তামিলনাডুকে ধৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই বৈঠকত লৈছে অংশ। কোৰোনাক লৈ সকলো ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বুজ লোৱাৰ লগতে আগন্তুক সময়ৰ বাবে কিছু পৰামৰ্শ বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে। গুৰুত্বপূৰ্ণ এই বৈঠকত অংশ লোৱা নাই কেৰালাৰ মুখ্যমন্ত্ৰী পিনৰাই বিজয়নে। ইতিমধ্যে কোৰোনাৰ লকডাউনক লৈ পৰামৰ্শ লিখিত ৰূপত কেৰালাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীক। অৱশ্যে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি প্ৰধানমন্ত্ৰীক অৱগত কৰাৰ বাবে এই বৈঠকত কেৰালাৰ মুখ্য সচিবে অংশ লৈছে।