এইবাৰ মহাৰাষ্ট্ৰবাসীলৈ প্ৰধানমন্ত্ৰীৰ উপহাৰ...

নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো যাত্ৰীৰ ভিৰ বৃদ্ধি পোৱাৰ ফলত উদ্ভৱ হোৱা সমস্যা লাঘৱ কৰাৰ উদ্দেশ্যে ছত্রপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সৈতে একেধৰণে আন্তঃৰাষ্ট্ৰীয় মান ৰক্ষা কৰি নিৰ্মাণ কৰা হৈছে

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ যাব। এই ভ্রমণকালত তেওঁ নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণকার্য আনুষ্ঠানিকভাবে উদ্বোধন কৰিব। প্রায় ১৯ হাজাৰ ৬৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই বিমান বন্দৰটো হ'ব দেশৰ সৰ্ববৃহৎ গ্রীণফিল্ড বিমান বন্দৰ প্ৰকল্প।

 উল্লেখযোগ্য যে মুম্বাই মহানগৰ এলেকাৰ দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে পৰিগণিত নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো যাত্ৰীৰ ভিৰ বৃদ্ধি পোৱাৰ ফলত উদ্ভৱ হোৱা সমস্যা লাঘৱ কৰাৰ উদ্দেশ্যে ছত্রপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সৈতে একেধৰণে আন্তঃৰাষ্ট্ৰীয় মান ৰক্ষা কৰি নিৰ্মাণ কৰা হৈছে। এই বিমান বন্দৰটোৰে বছৰি ৯ কোটি বিমান যাত্ৰীৰ আহ-যাহ তথা ৩০ লাখ মেট্রিকটনতকৈও অধিক পৰিমাণৰ সা-সামগ্ৰী পৰিবহণৰ সুবিধা থাকিব।

নৰেন্দ্ৰ মোডী