/asomiyapratidin/media/media_files/2025/06/06/h7Cxv6TPn65d7FiTYksU.jpeg)
ডিজিটেল ডেস্কঃ আজি প্ৰধানন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাশ্মীৰ উপত্যকাত মুকলি কৰিলে বিশ্বৰ সৰ্বোচ্চ ৰে'ল দলং হিচাপে পৰিগণতি হোৱা চেনাব ৰে'ল দলং। একে সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে শ্ৰীনগৰ- কাটৰা ৰে'ল পথো। ইয়াৰ পিছতে এই ৰে'ল পথেৰে চলিল বন্দে ভাৰত এক্সপ্ৰেছ। লগে লগে কাশ্মীৰ উপত্যকাৰ যোগাযোগ ব্যৱস্থাত সূচনা হ'ল এক নতুন যুগৰ।
উল্লেখ্য যে, বিশ্বৰ সৰ্ব্বোচ্চ ৰে'ল দলং হিচাপে পৰিগণিত হোৱা চেনাব ৰে'ল দলং জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ চন্দ্ৰভাগা নদীৰ ওপৰেৰে নিৰ্মাণ কৰা হৈছে। তীখা আৰু পকী দলংখন এনেদৰে নিৰ্মাণ কৰা হৈছে যে ৰিখটাৰ স্কেলৰ ৮ প্ৰবাল্যৰ ভূমিকম্পয়ো ইয়াৰ কোনো ক্ষতি কৰিব নোৱাৰে।
এই দলংখন কোনো অপশক্তিয়ে বিস্ফোৰকৰ দ্বাৰা ক্ষতি কৰিব বিচাৰিলেও সেয়াও সম্ভৱ নহ'ব।ৰে’ল বিভাগৰ শীৰ্ষ বিষয়াসকলে প্ৰকাশ কৰা তথ্য মতে, এই দলংখনত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ভূমিকম্পৰ বাবে আছে বিশেষ সুৰক্ষা ব্যৱস্থা আছে।
Rising boldly across the mountains, the Chenab Rail Bridge showcases design ingenuity and structural mastery. It will deepen connectivity, thus boosting trade, commerce and tourism. pic.twitter.com/mz2KVM8eGd
— Narendra Modi (@narendramodi) June 6, 2025
এই ৰে'ল দলংখন নিৰ্মাণৰ বাবে ২০০৩ চনতে তদানীন্তন অটল বিহাৰী বাজপেয়ী চৰকাৰে অনুমোদন জনাইছিল। ২০০৪ চনত ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। ২০০৯ চনত প্ৰতিকুল বতৰৰ বাবে প্ৰকৃতিয়ে এই নিৰ্মাণ কাৰ্যত বাৰে বাৰে বাধাৰ সৃষ্টি কৰে। ফলত সেই বছৰ কাম বন্ধ হৈ পৰে।
তাৰ পিছত এই দলংখনৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰে নৰেন্দ্ৰ মোডী চৰকাৰে। ২০১৭ চনত দলংখনৰ আনুষংগিক কামসমূহ সম্পূৰ্ণ হয়। ২০২১ চনৰ পৰা দলংখনৰ তোৰণ অংশৰ কাম আৰম্ভ হয়। ২০২২ চনৰ আগষ্ট মাহত সমগ্ৰ নিৰ্মাণ কাম সম্পূৰ্ণ হয়।
এই ৰে'ল দলংখন যোৱা ১৯ এপ্ৰিলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰাৰ কথা আছিল যদিও প্ৰতিকুল বতৰৰ বাবেই সেই কাৰ্যসূচী পিছুৱাই দিয়া হৈছিল। তাৰ পিছতে ২২ এপ্ৰিলত সংঘটিত হয় পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ।
এই আক্ৰমণক লৈ সমগ্ৰ জম্মু কাশ্মীৰৰ লগতে দেশ উত্তপ্ত হৈ পৰে। তেনে এক পৰিস্থিতিৰ মাজতে ৭ মে'ত ভাৰতে আৰম্ভ কৰে অপাৰেচন সিন্দূৰ। এনে এক পৰিস্থিতিত জম্মু কাশ্মীৰৰ পৰ্যটন উদ্যোগটো যথেষ্ট ক্ষতিৰ সন্মুখীন হয়।
The Tricolour flies high over the Chenab Rail Bridge!
— Narendra Modi (@narendramodi) June 6, 2025
It’s a feeling of immense pride that this bridge seamlessly blends ambition with execution, reflecting India’s growing capability to build futuristic infrastructure in the most challenging terrains. pic.twitter.com/PrqELwfO7k
কেন্দ্ৰিয় শাসিত অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰক পুনৰ প্ৰাণ দিয়াৰ লগতে পৰ্যটকক ইয়ালৈ পুনৰ আকৰ্ষণ কৰাতো আছিল দুয়োখন চৰকাৰৰ বাবে প্ৰধান প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বান চেনাব নদীৰ ওপৰত মুকলি কৰা এই ৰে'ল দলং আৰু শ্ৰীনগৰ- কাটৰা ৰেল পথৰ উদ্বোধনে বহু পৰিমাণে দূৰ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে।
আজি এই ৰে'ল দলংখন উদ্বোধন কৰাৰ পিছতেই হাতত জাতীয় পতাকা লৈ তাৰ ওপৰেৰে খোজ কাঢ়ি আগবাঢ়ি যায়। এই উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু উপ-ৰাজ্যপাল মনোজ সিনহা, ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱো উপস্থিত থাকে।
#WATCH | J&K: Prime Minister Narendra Modi waves the Tiranga as he inaugurates Chenab bridge - the world’s highest railway arch bridge.#KashmirOnTrack
— ANI (@ANI) June 6, 2025
(Video: DD) pic.twitter.com/xfBnSRUQV5
চেনাব দলং উদ্বোধনৰ লগে লগে আজিৰে পৰা কাটৰালৈ যোৱা ৰে'লপথো মুকলি হৈছে। এই পথেৰে দুখনকৈ বন্দে ভাৰত এক্সপ্ৰেছ চলিব। ফলত শ্ৰীনগৰৰ পৰা বৈষ্ণো দেৱী মন্দিৰৰ কাষৰ কাটৰা ষ্টেচনলৈ মাত্ৰ ৩ ঘন্টাত যাত্ৰা সম্ভৱ হ’ব।
শ্ৰীনগৰ-কাটৰা সংযোগী বন্দে ভাৰত এক্সপ্ৰেছত থাকিব এটা এক্সিকিউটিভ শ্বেয়াৰকে ধৰি সাতটা এচি দবা। ৰাতিপুৱা ৮.১০ বজাত কাটৰাৰ পৰা এই এক্সপ্ৰেছে যাত্ৰা আৰম্ভ কৰিব আৰু ১১.২০ বজাত শ্ৰীনগৰত উপস্থিত হ’ব। আনহাতে আন এখন পুৱা ৮.৫৫ বজাত শ্ৰীনগৰৰ পৰা ৰাওনা হ'ব আৰু ১২.০৫ বজাত কাটৰা পাবগৈ। এই ৰে'ল সংযোগ পৰৱৰ্তী সময়ত বুডুগাঁওলৈ সম্প্ৰসাৰণ কৰাৰো পৰিকল্পনা কৰা হৈছে।
অৱশ্যে এতিয়ালৈকে ইয়াৰ বাবে যাত্ৰীসকলে কিমানকৈ ভাড়া আদায় দিব লাগিব সেই কথা ঘোষণা কৰা হোৱা নাই তথাপিও ১৫০০ৰ পৰা ১৬০০ টকাৰ ভিতৰত হ’ব বুলি আশা কৰা হৈছে। এক্সিকিউটিভ চেয়াৰ দবাৰ বাবে যাত্ৰীয়ে ২২০০ৰ পৰা ২৫০০ টকাৰ ভিতৰত আদায় দিব লাগিব বুলি অনুমান কৰা হৈছে।