প্ৰধানমন্ত্ৰী, বিৰোধী দলপতি, মুখ্যমন্ত্ৰী আদিয়ে জনালে ফাকুৱাৰ শুভেচ্ছা...

ফাকুৱা উপলক্ষে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি বিৰোধী দলৰ নেতা, যোগী আদিত্য নাথ, হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ আদিয়ে পুৱাই জনালে ফাকুৱাৰ শুভেচ্ছা।

author-image
Tushar Pratim
New Update
প্ৰধানমন্ত্ৰী, বিৰোধী দলপতি, মুখ্যমন্ত্ৰী আদিয়ে জনালে ফাকুৱাৰ শুভেচ্ছা...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি পুৱাই এক্স হেণ্ডেলৰ জৰিয়তে সমগ্ৰ দেশবাসীক জনালে ফাকুৱাৰ শুভেচ্ছা। পুৱাই প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ এক্স হেণ্ডেলত ফাকুৱাৰ শুভেচ্ছা জনাই লিখিলে, ''এই আনন্দময় উৎসৱে সকলোৰে জীৱনত নতুন উৎসাহ আৰু শক্তিৰ সৃষ্টি কৰিব। দেশবাসীৰ মাজত ঐক্যৰ ৰং বিয়পাই দিব।''

Advertisment

আনহাতে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও তেওঁৰ এক্স হেণ্ডেলৰ জৰিয়তে দেশবাসীক ফাকুৱাৰ শুভেচ্ছা জনাইছে।গান্ধীয়ে তেওঁৰ এক্স হেণ্ডেলত লিখিছে, ''আপোনালোক সকলোলৈকে হোলীৰ শুভেচ্ছা জনাইছো। ৰঙৰ এই উৎসৱে আপোনাৰ জীৱনত নতুন আনন্দ, নতুন উৎসাহ আৰু যথেষ্ট সুখ কঢ়িয়াই আনক''। 

ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো পুৱাই সামাজিক মাধ্যম ফেচবুক, এক্স আদিৰ জৰিয়তে ৰাজ্যবাসীক ফল্গুৎসৱৰ শুভেচ্ছা জনাইছে। তেওঁ ফেচবুকত বৰপেটা সত্ৰৰ ফল্গুৎসৱৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, ''চৌদিশে গুঞ্জৰিত হৈছে হোলীগীতৰ ধ্বনি৷ আবিৰৰ ৰঙেৰে উপচি পৰিছে সকলোৰে মন-প্ৰাণ-হৃদয়৷ পৱিত্ৰ ফল্গূৎসৱৰ আজি বিশেষ দিনটোত অসমবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ৷ আধ্যাত্মিকতা আৰু ভক্তিৰসত বিলীন হৈ এখন ৰঙীন অসম গঢ়িবলৈ সকলোকে প্ৰভু শ্ৰীকৃষ্ণই আশিস প্ৰদান কৰক, সেয়াই অন্ত:কৰণেৰে কামনা কৰিলোঁ৷''

তাৰোপৰি তেওঁ বৰদোৱা (বটদ্ৰৱা) সত্ৰৰ ফাকুৱা উৎসৱত কৃষ্ণ গোসাঁইৰ গন্ধ পৰ্বৰো এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে আৰু বটদ্ৰৱা থানৰ এক পৰিচয়ো দাঙি ধৰিছে। 

লোকসভাৰ বিৰোধী উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়েও ফেচবুক, এক্স আদিৰ জৰিয়তে ফাকুৱাৰ শুভেচ্ছা জনাইছে। তেওঁ ফেচবুকত ‘‘ৰংগে ফাগু খেলে চৈতন্য বনমালী/দুই হাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰী’’ শীৰ্ষৰ হোলী গীতৰ দুটা শাৰী লিখি ফাকুৱাৰ শুভেচ্ছা জনাই লিখিছে- ''ফাকুৱাৰ ৰঙৰ দৰে আমাৰ সকলোৰে জীৱনবোৰ ৰঙীন হৈ পৰক, সকলো মানুহৰ মাজত একতা আৰু বন্ধুত্বৰ এনাজৰী অধিক কটকটীয়া হোৱাৰ কামনাৰে সকলোলৈ পৱিত্ৰ ফল্গোৎসৱ আৰু দৌল মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলো।''

ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথেও উত্তৰ প্ৰদেশৰ জনতাৰ লগতে দেশবাসীক হোলীৰ শুভেচ্ছা জনাইছে। তেওঁ ৰাজ্যবাসীক সম্বোধন কৰি হোলীক ঐক্য প্ৰতীক বুলি অভিহিত কৰি ফুলেৰে হোলী খেলে। 

মহাৰাষ্ট্ৰতো অতি উৎসাহেৰে পালন কৰা হৈছে হোলী উৎসৱ। সকলোৱে ইজনে সিজনৰ ওপৰত ৰং প্ৰয়োগ কৰা দেখা যায়। যিহেতু আজি শুকুৰবাৰ, ইছলাম ধৰ্মীয় লোকসকলৰ জুম্মাৰ নামাজো আছে সেয়ে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আজিত নিৰাপত্তাৰ ব্যৱস্থাও কটকটীয়া কৰা হৈছে।

ভাৰতৰ চুবুৰীয়া দেশ নেপালতো অতি উৎসাহেৰে উদযাপন কৰা হৈছে হোলী। দেশখনৰ লোকসকলে ভাৰতীয় লোকসকলে উদযাপন কৰাৰ দৰেই হোলী উদযাপন কৰিছে।

ৰাহুল গান্ধী নৰেন্দ্ৰ মোডী ফাকুৱা