প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী, নিৰাপত্তা উপদেষ্টাৰে মোডীৰ বৈঠকঃ আহিব পাৰে ডাঙৰ খবৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাৰ মুৰব্বীৰ সৈতে এক হাইভল্টেজ বৈঠকত মিলিত হৈছে।

author-image
Asomiya Pratidin
New Update
প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী, নিৰাপত্তা উপদেষ্টাৰে মোডীৰ বৈঠকঃ আহিব পাৰে ডাঙৰ খবৰ...

ডিজিটেল ডেস্কঃ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাৰ মুৰব্বীসকলৰ সৈতে এক হাইভল্টেজ বৈঠকত মিলিত হৈছে। পেহেলগাম আক্ৰমণৰ পাছতে দেশত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি, সামৰিক বাহিনীৰ অনুশীলনৰ মাজতে অনুষ্ঠিত এই বৈঠক অতি গুৰুত্বপূৰ্ণ। 

Advertisment

পিটিআইৰ তথ্য অনুসৰি় এই বৈঠকত  প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানেও এই অংশ লৈছে।  উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে বাৰে বাৰে ইয়াৰ সৈতে জড়িত উচিত শাস্তিৰ হুংকাৰ দিয়াৰ লগতে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰাসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থাৰ হুংকাৰ দি আহিছে। 

এই আক্ৰমণৰ আঁৰত যে পাকিস্তান জড়িত আছে সেয়া স্পষ্টকৈ প্ৰমাণ হৈছে। প্ৰধানমন্ত্ৰী মোডীৰ পৰা সেয়ে দেশবাসীয়ে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্তৰ আশা কৰিছে। যদিও কূটনৈতিকভাৱে কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে তথাপিও দেশবাসীয়ে পাকিস্তানৰ বিৰুদ্ধে ইয়াতকৈ কঠোৰ ব্যৱস্থা দাবী কৰিছে। 

উল্লেখ্য যে, পেহেলগামৰ বৈছাৰণ ভেলীত ২২ এপ্ৰিলত সন্ত্ৰাসাবাদীৰ আক্ৰমণত ২৬ গৰাকী পৰ্যটক আৰু এজন স্থানীয় ঘোৰা চালকৰ মৃত্যু হৈছিল। তেতিয়াৰে পৰা সন্ত্ৰাসবাদ আৰু ইয়াৰ পৃষ্ঠপোষক পাকিস্তানৰ বিৰুদ্ধে ভাৰতত প্ৰতিবাদৰ জোৱাৰ উঠিছে। 

ভাৰতীয় স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাই আৰম্ভ কৰিছে যুদ্ধ অনুশীলন। পাকিস্তানৰ পৰা আহি থকা ভাবুকিৰ মাজতে এনে যুদ্ধ অনুশীলন আৰু তাৰ মাজতে প্ৰধানমন্ত্ৰী মোডীৰ এই বৈঠকে বহু ইংগিত বহন কৰিছে। অৱশ্যে এই বৈঠকত সবিশেষ এতিয়াও প্ৰকাশ পোৱা নাই।

পেহেলগাম প্ৰতিৰক্ষা মন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী