/asomiyapratidin/media/media_files/2025/02/21/TaFFg2bza7CQgVf1fJk0.jpg)
ডিজিটে ডেস্কঃবৰ্ষীয়ান নেতা শাৰদ পাৱাৰ আৰু নৰেন্দ্ৰ মোডীৰ আজি এক অনুষ্ঠানৰ দৃশ্যই যথেষ্ট চৰ্চা লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ সমালোচক তথা বিৰোধী এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰক তেওঁৰ আসন গ্ৰহণৰ সময়ত আসন টানি সুবিধা কৰি দিয়াৰ দৃশ্য ভাইৰেল হৈ পৰিছে।
এটা ভিডিঅ’ত দেখা গৈছে, থৰক-বৰক খোজেৰে শাৰদ পাৱাৰ বহিবলৈ আগবাঢ়ি আহিছে আৰু প্ৰধানমন্ত্ৰী মোডীয়ে এখন আসন নিজেই কিছু পিছলৈ টানি পাৱাৰক বহিবলৈ সুবিধা কৰি দিছে। তাৰোপৰি পাৱাৰ সন্মুখত থকা এটা খালী গিলাচত মোডীয়ে নিজেই এটা বটলৰ খুলি পানী ঢালি দিছে। মোডীৰ এই কাৰ্য প্ৰত্যক্ষ কৰি সভাগৃহত উপস্থিত থকা সকলো লোকেই হাত চাপৰিৰে প্ৰশংসা কৰে।
স্মৰ্তব্য এই অনুষ্ঠানৰ উদ্বোধক আছিল প্ৰধানমন্ত্ৰীগৰাকী। ইয়াৰ বিপৰীতে অনুষ্ঠানটোৰ অনুষ্ঠানটোৰ অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ আছিল শাৰদ পাৱাৰ। উদ্বোধক হিচাপে অনুষ্ঠানত বন্তী জ্বলোৱাৰ দায়িত্বও প্ৰধানমন্ত্ৰী মোডীৰেই আছিল যদিও সেই কাৰ্যও তেওঁ শাৰদ পাৱাৰৰ সৈতে যুটিয়া ভাৱে সম্পন্ন কৰে।
ইফালে ভাষণতো প্ৰধানমন্ত্ৰীগৰাকীয়ে শাৰদ পাৱাৰৰ আমন্ত্ৰণ ৰক্ষা কৰিয়েই অংশগ্ৰহণ কৰা বুলিও কয়। ইফালে গোটেই অনুষ্ঠানটোত দেখা যায় দুয়োগৰাকী নেতাই যথেষ্ট ঘনিষ্ঠ ভাৱে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা। দুয়োগৰাকী নেতাৰ এনে ঘনিষ্ঠতাত আকৌ বহুতেই বিচাৰি পাইছে ৰাজনৈতিক কাৰণো।
সেয়া যিয়েই নহওক জ্যোষ্ঠ জনৰ প্ৰতি মোডীয়ে দেখুওৱা এই আচৰণে আজি তেওঁক যথেষ্ট প্ৰশংসিত কৰিলে।
#WATCH | Delhi: Prime Minister Narendra Modi and NCP chief Sharad Pawar at the inauguration of the 98th Akhil Bharatiya Marathi Sahitya Sammelan.
— ANI (@ANI) February 21, 2025
(Source: DD News) pic.twitter.com/W2TJpqyeqv