ভাল খবৰ: গীতা আৰু নাট্যশাস্ত্ৰই লাভ কৰিলে UNESCOৰ স্বীকৃতি...

ভাৰতবাসীৰ বাবে এক ভাল খবৰ। ভাগৱত গীতা আৰু নাট্যশাস্ত্ৰই লাভ কৰিলে UNESCO ৰ স্বীকৃতি।  UNESCOৰ ‘মেম’ৰী অফ দ্য ৱ’ৰ্ল্ড ৰেজিষ্টাৰ’ত অন্তৰ্ভুক্ত হৈছে গীতা আৰু নাট্যশাস্ত্ৰ।

author-image
Tushar Pratim
New Update
ভাল খবৰ: গীতা আৰু নাট্যশাস্ত্ৰই লাভ কৰিলে UNESCOৰ স্বীকৃতি...

ডিজিটেল ডেস্কঃ ভাৰতবাসীৰ বাবে এক ভাল খবৰ। ভাগৱত গীতা আৰু নাট্যশাস্ত্ৰই লাভ কৰিলে UNESCO ৰ স্বীকৃতি।  UNESCOৰ ‘মেম’ৰী অফ দ্য ৱ’ৰ্ল্ড ৰেজিষ্টাৰ’ত অন্তৰ্ভুক্ত হৈছে গীতা আৰু নাট্যশাস্ত্ৰ।

উল্লেখ্য যে, শেহতীয়াকৈ ইউনেস্কোৱে বিশ্বৰ আপুৰুগীয়া দস্তাবেজত সংযোজন কৰা ৭৪ টা নতুন তথ্যচিত্ৰ ঐতিহ্য সংকলনৰ ভিতৰত ভাগৱত গীতা আৰু ভাৰত মুনিৰ নাট্যশাস্ত্ৰ পাণ্ডুলিপিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ১৭ এপ্ৰিলত ঘোষণা কৰা এই নতুন সংযোজনসমূহ ৭২খন দেশ আৰু চাৰিটাকৈ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা আহিছে।

এইসমূহৰ ভিতৰত বৈজ্ঞানিক বিপ্লৱ, ইতিহাসলৈ মহিলাৰ অৱদান, আৰু বহুপক্ষীয়তাবাদৰ মূল মাইলৰ খুঁটিসমূহ সামৰি লোৱা হৈছে। এইবোৰৰ সৈতে ইউনেস্কোৰ 'মেম'ৰী অফ দ্য ৱৰ্ল্ড ৰেজিষ্টাৰ' বা বিশ্বৰ আপুৰুগীয়া দস্তাবেজত এতিয়া মুঠ সংযোজিত দস্তাবেজৰ সংখ্যা ৫৭০ টালৈ বৃদ্ধি পালে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে এক্সত এই বাৰ্তা উল্লেখ কৰি এক পোষ্ট দিছে। তেওঁক গীতা আৰু নাট্যশাস্ত্ৰই ইউনেস্কোৰ স্বীকৃতি পোৱাৰ সন্দৰ্ভত কয়, “সমগ্ৰ বিশ্বৰ প্ৰতিজন ভাৰতীয়ৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত।”  

তেওঁ আৰু কয়, "গীতা আৰু নাট্যশাস্ত্ৰক ইউনেস্ক'ৰ বিশ্ব স্মৃতি পঞ্জীত অন্তৰ্ভুক্ত কৰাটো আমাৰ কালজয়ী প্ৰজ্ঞা আৰু চহকী সংস্কৃতিৰ বিশ্বব্যাপী স্বীকৃতি। গীতা আৰু নাট্যশাস্ত্ৰই যুগ যুগ ধৰি সভ্যতাক আৰু চেতনাক লালন-পালন কৰি আহিছে। তাৰ অন্তৰ্দৃষ্টিয়ে বিশ্বক অনুপ্ৰাণিত কৰি আহিছে।"

নৰেন্দ্ৰ মোডী ইউনেস্কো