/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/8a592a5a-cc91-406e-b8a1-1038fd267663/diwali_bonanza.jpg)
ডিজিটেল ডেস্ক : দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে মুকলি কৰে ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰৰ খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব লগীয়া 'প্ৰধান মন্ত্ৰী কৃষক সন্মান সন্মিলন'ৰ । ইয়াৰ সৈতেই প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আচনিৰ দ্বাদশ কিস্তিৰ জৰিয়তে ঘোষণা কৰে ১৬ হাজাৰ কোটি টকাৰ সাহায্য ।
ইয়াৰ পূৰ্বে শাসনাধিষ্ঠ চৰকাৰৰ ৮ বছৰ হোৱাৰ বাবে মে' মাহত হিমাচল প্ৰদেশত এই আচনিৰ একাদশ কিস্তিত ২১ হাজাৰ কোটি টকাৰ ৰাজ সাহায্য আগবঢ়াইছিল মন্ত্ৰী গৰাকীয়ে ।
আনহাতে, একেটি অনুষ্ঠানতে প্ৰধান মন্ত্ৰী গৰাকীয়ে 'এগ্ৰি ষ্টাৰ্টআপ কনক্লেভ এণ্ড এক্সিবিশ্বন'ৰো শুভাৰম্ভ কৰে । কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনত ৬০০ টা প্ৰধান মন্ত্ৰী কৃষক সমৃদ্ধি কেন্দ্ৰও মুকলি কৰাৰ কথা ঘোষণা কৰে নৰেন্দ্ৰ মোডীয়ে ।
শেহতীয়াকৈ কৃষিৰ ক্ষেত্ৰত সাৰৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি দেশত 'এক ৰাষ্ট্ৰ, এক সাৰ' আচনিৰ জৰিয়তে 'ভাৰত' ব্ৰেণ্ডৰ ইউৰিয়া সাৰ অতি সোনকালেই বজাৰত মুকলি কৰি দিয়া হ'ব বুলিও জনায় প্ৰধান মন্ত্ৰী গৰাকীয়ে ।
কৃষি মন্ত্ৰালয়ে এই সন্দৰ্ভত দিয়া মন্তব্য অনুসৰি, প্ৰায় ১ কোটিতকৈও অধিক কৃষকে ডিজিটেল মাধ্যমত এই অনুষ্ঠানটিৰ সৈতে জড়িত আছে ।