ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে ১৯৯১ চনৰ প্লেছেচ অব ৱৰ্শ্বিপ এক্ট (পূজাস্থলী আইন)ৰ গোচৰৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। মুখ্য ন্যায়াধীশৰ নেতৃত্বত ৩ জনীয়া সদস্যৰ বিচাৰপীঠে গোচৰটোৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি কয়, কেন্দ্ৰীয় চৰকাৰৰ মতামত অবিহনে ন্যায়ালয়ে এই বিষয়ে কোনো নিৰ্দেশ জাৰি কৰিব নোৱাৰে।
তাৰোপৰি উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই গোচৰৰ শুনানিৰ সময়ত দেশত কোনো নতুন ধৰ্মীয় স্থানৰ গোচৰৰ শুনানি নহ’ব। অৰ্থাৎ নতুন বিতৰ্কিত কোনো ধৰ্মীয় স্থানৰ বিষয়ে আদালতত এই সময়ত অভিযোগ দাখিল কৰিব নোৱাৰিব। অৱশ্যে ট্ৰায়েল কৰ্টত তেনে বিষয়ৰ শুনানি অনুষ্ঠিত হ’ব।
উচ্চতম ন্যায়ালয়ৰ আন এক সিদ্ধান্ত হৈছে পুৰণি গোচৰসমূহৰ শুনানি চলি থাকিব। কিন্তু সেই বোৰৰ ওপৰত কোনো নতুন নিৰ্দেশ বা সিদ্ধান্ত গ্ৰহণ কৰা নহ’ব। বিশেষকৈ ভোজশালা, জ্ঞানব্যাপী, ছাম্বাল ইত্যাদিৰ গোচৰসমূহ চলি থাকিব কিন্তু ইয়াৰ ওপৰত কোনো স্থায়ী বা অন্তৱৰ্তীকালীন সিদ্ধান্ত কাৰ্যকৰী নহ’ব।
ন্যায়ালয়ে কৈছে, চাৰি সপ্তাহৰ ভিতৰত এই বিষয়টোৰ লৈ কেন্দ্ৰীয় চৰকাৰে মতামত আহিলে তেওঁলোকে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰোপৰি উচ্চতম ন্যায়ালয়ে আন এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
ন্যায়ালয়ে কয়, ১৯৯১ চনৰ প্লেছেচ অৱ ৱৰ্শ্বিপ এক্টৰ বৈধতা সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত দিয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ অৱস্থান জনাব লাগিব। জমিয়ত উলেমা-এ-হিন্দ, মুছলিম পাৰ্ছনেল ল বোৰ্ডসহ কেইবাটাও ৰাজনৈতিক দলে এই আইনৰ পক্ষে আবেদন কৰিছে আৰু বিভিন্ন আদালতত এই আইনৰ বিপক্ষে দিয়া আদেশৰ বিৰোধিতা কৰি আহিছে।
এই আইনৰ মূল কথা আছিল ১৯৪৭ চনৰ ১৫ আগষ্টৰ পূৰ্বে ধৰ্মীয় স্থানসমূহৰ যি চেহেৰা আছিল সেয়া অপৰিবৰ্তিত থাকিব। সেই সময়ৰ পৰা কোনো ধৰ্মীয় স্থান পৰিবৰ্তন বা তাৰ ওপৰত কোনো আইনী দাবী কৰিব নোৱাৰিব।
ধৰ্মীয় স্থানসমূহৰ আন্তঃগাঁথনি, সংৰক্ষণ বা তাৰ ইতিহসক লৈ কোনো আইনী গোচৰ চলোৱা নিষিদ্ধ।
উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত কেইবাখনো আৱেদন দাখিল কৰা হৈছে। অশ্বিনী উপাধ্যায়ে এই আইনখনৰ ধাৰা ২, ৩ আৰু ৪ বাতিল কৰিবলৈ আবেদন দাখিল কৰিছে। তেওঁ দাবী কৰে যে এই ধাৰা বোৰে ব্যক্তি বা ধৰ্মীয় গোটবোৰক তেওঁলোকৰ উপাসনাস্থলী পুনৰুদ্ধাৰ কৰিবলৈ ন্যায়িক অধিকাৰৰ পৰা বঞ্চিত কৰে।
তাৰ বিপৰীতে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) আৰু মহাৰাষ্ট্ৰৰ বিধায়ক জীতেন্দ্ৰ সতীয়ে এই আইনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই কয় যে ই দেশৰ একতা, ধৰ্মনিৰপেক্ষতা আৰু শান্তিপূৰ্ণ পৰিৱেশ সুৰক্ষিত কৰে।
মুছলিম পক্ষই ১৯৯১ চনৰ এই আইনৰ সপক্ষে যুক্তি দি কৈছে যে প্ৰাচীন মন্দিৰ ধ্বংসৰ দ্বাৰা নিৰ্মিত ধৰ্মীয় স্থানসমূহৰ বিৰুদ্ধে মোকৰ্দমা চলাব নোৱাৰি। কিয়নো ই ১৯৪৭ চনৰ পিছত ধৰ্মীয় স্থানৰ মৰ্যাদা সুৰক্ষিত কৰিছে।