উত্তৰ-পূৱৰ পৰা প্ৰথমবাৰৰ বাবে ৰেডিঅ'ল'জীত পিএইচডি সন্মান লাভ অসমৰ ড০ চন্দন দাসৰ

উত্তৰ-পূৱৰ পৰা প্ৰথমবাৰৰ বাবে ৰেডিঅ'ল'জীত পিএইচডি সন্মান লাভ অসমৰ ড০ চন্দন দাসৰ

ডিজিটেল ডেস্কঃ দিল্লীস্থিত এইমছৰ ৰেডিঅ'লজী বিভাগৰ বিশিষ্ট প্ৰৱক্তা ড০ চন্দন দাসে সদ্যহতে লাভ কৰে পিএইচডি সন্মান। এই সন্মানেৰে ৰেডিঅ'লজী ক্ষেত্রে খনত তেওঁ সফলতাৰ এক অনন্যা মাপকাঠি স্থাপন কৰিছে।

'Quantitative imaging Biomarkers in Prostate Carcinoma ' শীর্ষক" গৱেষণা পুস্তিকাৰ জৰিয়তে ড০ দাসে এই কৃতিত্ব অর্জন কৰিছে। য'ত Medicd imging আৰু artificial intelligence ও দৰে বিষয়বোৰ ফঁহিয়াই আলোচনা কৰা হৈছে।

ড০ দাস উত্তৰ পূর্ব্বাঞ্চলৰ ভিতৰতে প্রথম যিয়ে ৰেডিঅ'লজী বিভাগত পিএইচডি সন্মান লাভ কৰিছে। ইয়াতকৈ ডাঙৰ কথা এয়া যে দিল্লী এইমচৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰেডিঅ'লজী ফেকালটি হিচাপে পিএইচডি লাভ কৰিছে।

প্রণিধানযোগ্য যে ড০ দাসৰ এই সাফল্যত দিল্লী এইমছ আৰু দিল্লী আইআইটিৰ বিশেষজ্ঞসকলেও যথেষ্ঠ সহযোগ আগবঢ়াইছে।

ড০ দাসে ৰেডিঅ'লজীৰ গৱেষণা আৰু ৰোগীৰ চিকিৎসাৰ প্রতি যি গতিশীলতা প্রদান কৰিছে তাৰ স্বীকৃতি হিচাপে ইণ্ডিয়ান ৰেডিঅ'লজিষ্ট ইমাজিম এছোচিয়েশ্যনে সন্মানীয় 'জগদীশ চন্দ্র বসু' বটা প্রদান কৰিছে।

২০২৫ চনৰ জানুৱাৰী মাহত Asia Oceania. congress of Radiology of National Congress of Radiologist ৰ উদ্যোগত চেন্নাইত সি অভিবর্তন অনুষ্ঠিত হ'ব তাত ড০ দাসে এই সাফল্যক আঁতধৰি ভাষন প্রদান কৰিব।

অসমৰ কামৰূপ জিলাৰ কুলহাটী গাঁৱৰ পৰা শিক্ষা-জীৱন আৰম্ভ কৰি গুৱাহাটীৰ কটন কলেজ, গুৱাহাটী-মেডিকেল কলেজ আৰু দিল্লীৰ এইমচত শিক্ষা লাভ কৰা দাসৰ শিক্ষা জীৱনৰ যাত্ৰা অতি সুন্দৰ। দাসে এদিন ভাবে USAৰ MD Anderson Cancer Centre ত উন্নত প্রশিক্ষণৰ সুবিধা পাই আৰু সফলতাৰে oncology বিভাগত বিশেষজ্ঞষ সন্মান লাভ কৰে।

সমান্তৰালভাৱে Edinburg Royal College ৰ পৰা Indian College of Radiology ফালৰ পৰা FICR উপাধিকে সন্মানিত হৈছে দাস। ইয়াৰোপৰি আৰু বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে দাস।

গবেষণা আৰু ৰোগীৰ চিকিৎসাৰ জৰিয়তে ৰেডিঅলজী বিজ্ঞানক উত্তৰণ ঘটাবলৈ সক্ষম হোৱা দাসক যি সম্মান আৰু স্বীকৃতি প্রদান কৰা হৈছে সেয়া চিকিৎসাক সমাজত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব।

উত্তৰ-পূৱৰ পৰা প্ৰথমবাৰৰ বাবে ৰেডিঅ'ল'জীত পিএইচডি সন্মান লাভ অসমৰ ড০ চন্দন দাসৰ
কৰিমগঞ্জত পুনৰ মন্দিৰ আক্ৰমণৰ ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in