গুৱাহাটীত সেনাৰ বাহনৰ ওপৰত আক্ৰমণৰ ভুৱা খবৰ প্ৰচাৰ পাকিস্তানৰ...

অসমক লৈ ভুৱা বাতৰি প্ৰকাশ পাকিস্তানৰ সংবাদ মাধ্যমৰ। গুৱাহাটীৰ কামাখ্যাত আৰ্মীৰ কনভয়ৰ ওপৰত আক্ৰমণৰ ভুৱা বাতৰি প্ৰচাৰত লিপ্ত হৈছে পাকিস্তানৰ সংবাদ মাধ্যম। 

author-image
Tushar Pratim
New Update
গুৱাহাটীত সেনাৰ বাহনৰ ওপৰত আক্ৰমণৰ ভুৱা খবৰ প্ৰচাৰ পাকিস্তানৰ...

ডিজিটেল ডেস্কঃ অসমক লৈ ভুৱা বাতৰি প্ৰকাশ পাকিস্তানৰ সংবাদ মাধ্যমৰ। গুৱাহাটীৰ কামাখ্যাত আৰ্মীৰ কনভয়ৰ ওপৰত আক্ৰমণৰ ভুৱা বাতৰি প্ৰচাৰত লিপ্ত হৈছে পাকিস্তানৰ সংবাদ মাধ্যম। 

Advertisment

পেহেলগামৰ ঘটনাৰ পাছতে হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা পাকিস্তানে নানান প্ৰকাৰে ভাৰতৰ ভাৱমূৰ্তি ম্লান কৰিবলৈ অপচেষ্টা অব্যাহত ৰাখিছে। পেহেলগামৰ ঘটনাৰ ভাৰতে নিজেই সৃষ্টি কৰা বুলিও ক’বলৈ কুণ্ঠাবোধ নকৰা পাকিস্তানৰ সন্ত্ৰাসবাদে এইদৰেই ভুৱা বাতৰি প্ৰচাৰ কৰি বৰ্তমানৰ পৰিস্থিতিৰ বাবে ভাৰতকেই জগৰীয়া কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। 

শেহতীয়াকৈ ইছলামাবাদ ইনছাইডাৰ নামৰ এটা সংবাদ সংস্থাই গুৱাহাটীত কামাখ্যাৰ কাষত নাগালেণ্ডৰ পৰা কাশ্মীৰ অভিমুখে গৈ থকাৰ সময়তে ৰেইনফৰ্চমেণ্ট ট্ৰপছৰ ওপৰত সাধাৰণ নাগৰিকে আক্ৰমণ কৰা বুলি এক বাতৰি প্ৰকাশ কৰিছে। তেওঁলোকে আপলোড কৰিছে এই সম্পৰ্কীয় এটা ভুৱা ভিডিঅ'ও।

৩০ এপ্ৰিল, ২০২৫ ৰ দিনৰ ১:০১ বজাত পোষ্ট কৰা এই বাতৰি প্ৰত্যক্ষ কৰাৰ পাছতে অসম আৰক্ষীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিছে। ইছলামাবাদ ইনছাইডাৰ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ সেই এক্সৰ পোষ্টৰ এটা স্ক্ৰীণ শ্বট শ্বেয়াৰ কৰি সেই খবৰ সম্পূৰ্ণ ভুৱা বুলি স্পষ্ট কৰিছে। 

পাকিস্তান