/asomiyapratidin/media/media_files/2025/04/25/nKhD3dPfHwC39gII6R64.jpg)
ডিজিটেল ডেস্কঃ হয়, সেইদিনা নিৰাপত্তাৰ ক্ষেত্ৰত ত্ৰুটি ৰৈ গৈছিল। পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ নিৰাপত্তা ব্যৱস্থাৰ ত্ৰুটিৰ বাবেই সংঘটিত হোৱাৰ কথা স্বীকাৰ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।
পেহেলগাম আক্ৰমণৰ সন্দৰ্ভত বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠকত মিলিত হৈছিল শাসকীয় আৰু বিৰোধীদলসমূহ। প্ৰায় ৩ ঘণ্টা ধৰি চলা এই বৈঠকৰ অন্তত পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ তথা সন্ত্ৰাসবাদ দমনৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিব সেই সকলো পদক্ষেপলৈ মুকলি সমৰ্থন আগবঢ়াইছে কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলে।
এই বৈঠকতে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ ফালৰ পৰা পেহেলগাম আক্ৰমণৰ আঁৰত যে সুৰক্ষাজনিত গাফিলতি আছিল সেয়া স্পষ্ট কৰিছে। খবৰ অনুসৰি পেহেলগামৰ বছিৰান অঞ্চলত সাধাৰণতে জুন মাহলৈকে প্ৰৱেশ নিষিদ্ধ হৈ থাকে। কিন্তু এইবাৰ নিৰাপত্তা কৰ্তৃপক্ষক অৱগত নকৰাকৈ ২০ এপ্ৰিলতে এই অঞ্চলটো পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়।
তাৰোপৰি পেহেলগামৰ মিনি ছুইজাৰলেণ্ড হিচাপে পৰিচিত বাছিৰান অঞ্চলটোলৈ পৰ্যটকক লৈ যোৱাৰ ক্ষেত্ৰত ট্যুৰ অপাৰেটৰ আৰু স্থানীয় হোটেল মালিকসকলেও অৱগত কৰা নাছিল। আৰক্ষীৰো এই অঞ্চলটোলৈ পৰ্যটক যোৱাৰ ক্ষেত্ৰত নাছিল অনুমতি। তথাপিও ২২ এপ্ৰিল, মঙলবাৰে এই অঞ্চলটোত উপস্থিত আছিল এহেজাৰতকৈ অধিক পৰ্যটক।
সময়তকৈ আগত, প্ৰশাসনৰ অনুমতি অবিহনেই এইদৰে সেই স্থান পৰ্যটকৰ বাবে মুকলি কৰি দিয়াত অঞ্চলটোত নাছিল কোনো নিৰাপত্তাবাহিনী। অৱশ্যে পেহেলগাম অঞ্চলটোত সেই দিনাও বিভিন্ন স্থানত ৫০০ সেনা উপস্থিত আছিল। যিহেতু বাছিৰানত পৰ্যটক যোৱাৰ অনুমতি নাছিল সেয়ে সেনা সেই অঞ্চলত নিৰাপত্তাত নিয়োজিত নাছিল।
মন কৰিবলগীয়া যে, পেহেলগামৰ বাছিৰান নামৰ এই অঞ্চলটোলৈ যোৱাৰ কোনো সূচল পথ নাই। ঘোৰাত উঠি এই স্থানলৈ যায় পৰ্যটকৰ দল। খোজেৰে গ’লে প্ৰায় ৪৫ মিনিটৰ সময় লাগে। সেয়ে আক্ৰমণ সংঘটিত হোৱাৰ পাছত উদ্ধাৰ অভিযানৰ বাবে সেই স্থানত সেনাৰ দল উপস্থিত হোৱাত কিছু পলম হৈছিল।
গৃহমন্ত্ৰণালয়ে ফাদিল কৰা এই তথ্যত নিশ্চিত হৈছে নিৰাপত্তাজনিত গাফিলতিৰ বাবেই যে এই ঘটনা সংঘটিত হ’বলৈ পালে। কিন্তু এই প্ৰশ্নৰ অৱশ্যে উত্তৰ নাই, কিদৰে অনুমতি অবিহনেই হাজাৰ হাজাৰ লোকে বাছিৰানলৈ গৈছিল? কেনেকৈ সেই অঞ্চলত অত্যাধুনিক মাৰনাস্ত্ৰ লৈ পিয়াপি দিছিল সন্ত্ৰাসবাদীৰ দলে?
উল্লেখ্য যে, বৃহস্পতিবাৰৰ সৰ্ব দলীয় বৈঠকত বিৰোধী দলসমূহে নিৰাপত্তা ব্যৱস্থাৰ ব্যৰ্থতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। কেইবাজনো বিৰোধী নেতাই প্ৰশ্ন কৰিছিল, নিৰাপত্তা বাহিনী সেইদিনা কিয় নাছিল? কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনী ক’ত আছিল? এনেবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈয়ে গৃহমন্ত্ৰণালয়ে উক্ত তথ্যসমূহ প্ৰদান কৰিছে।
#WATCH | Delhi: After attending the all-party meeting convened by the central government, Lok Sabha LoP and Congress MP Rahul Gandhi says, "Everyone condemned the #PahalgamTerroristAttack. The opposition has given full support to the government to take any action." pic.twitter.com/VOM80eiSuo
— ANI (@ANI) April 24, 2025
বৈঠকৰ অন্তত কংগ্ৰেছ সাংসদ তথা বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমৰ আগত কয়, কেন্দ্ৰই যি সিদ্ধান্ত ল’ব, যি পদক্ষেপ গ্ৰহণ কৰিব তাকেই সমৰ্থন কৰিব বিৰোধীয়ে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়েও কয়, জম্মু-কাশ্মীৰলৈ শান্তি ঘূৰাই অনাৰ বাবে যি পদক্ষেপৰ প্ৰয়োজন, সেয়াই কৰিব লাগিব। এই সময়ত দেশ ঐক্যবদ্ধ হৈছে।
#WATCH | Delhi: After attending the all-party meeting convened by the central government, Congress president Mallikarjun Kharge says, "It is very important for PM Modi to be present in such an important meeting because the decision taken by PM Modi is final... How did the… pic.twitter.com/NemPBdzXDN
— ANI (@ANI) April 24, 2025
তৃণমূল কংগ্ৰেছেও এই সময়ত চৰকাৰৰ পক্ষত থকাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। তৃণমূলৰ সাংসদ সুদীপ বেনাৰ্জীয়ে কয়, প্ৰত্যক ৰাজনৈতিক দলেই কেন্দ্ৰৰ কাষত আছে। দেশৰ স্বাৰ্থত কেন্দ্ৰই যি সিদ্ধান্ত ল’ব সেয়া সমৰ্থন কৰা হ’ব। একেই বাৰ্তা শিৱসেনা, আম আদমি পাৰ্টিৰো।
#WATCH | Delhi: After attending the all-party meeting convened by the central government, AAP MP Sanjay Singh says, "The entire nation is angry, sad and the nation wants the central government to give a befitting reply to the terrorists in their language. The way they have killed… pic.twitter.com/BYDbFufKXw
— ANI (@ANI) April 24, 2025
#WATCH | Delhi: After the all-party meeting, Union Minister Kiren Rijiju says, "The meeting went very well, and in fact, all the political leaders unanimously supported the action taken by the Cabinet Committee on Security (CCS) with regard to Pakistan. The Government made it… pic.twitter.com/6zdywpSoct
— ANI (@ANI) April 24, 2025
#WATCH | Delhi: After attending the all-party meeting convened by the central government, AIMIM chief Asaduddin Owaisi says, "...The central government can take action against the nation which shelters the terrorist groups. The international law also permits us to do an air and… pic.twitter.com/mg3qjKsEnx
— ANI (@ANI) April 24, 2025