প্ৰতিশোধঃ উৰুৱাই দিয়া হ'ল পেহেলগাম আক্ৰমণৰ সৈতে জড়িত দুই সন্ত্ৰাসবাদীৰ ঘৰ...

জম্মু কাশ্মীৰৰ পেহেলগাম আক্ৰমণত জড়িত থকা দুই সন্ত্ৰাসবাদীৰ বাসগৃহ ধ্বংস কৰিলে নিৰাপত্তা বাহিনীয়ে। আদিল আৰু আছিফ নামৰ এই দুই সন্ত্ৰাসবাদীৰ বাসগৃহ অনন্তনাগ জিলাত।

author-image
Asomiya Pratidin
New Update
প্ৰতিশোধঃ উৰুৱাই দিয়া হ'ল পেহেলগাম আক্ৰমণৰ সৈতে জড়িত দুই সন্ত্ৰাসবাদীৰ ঘৰ...

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ পেহেলগাম আক্ৰমণত জড়িত থকা দুই সন্ত্ৰাসবাদীৰ বাসগৃহ ধ্বংস কৰিলে নিৰাপত্তা বাহিনীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পেহেলগাম আক্ৰমণৰ সৈতে জড়িতক ৰেহাই নিদিয়াৰ কথা ঘোষণা কৰাৰ পাছতে জম্মু কাশ্মীৰ প্ৰশাসনে সুৰক্ষা বাহিনীৰ সৈতে ভাঙি পেলালে দুই সন্ত্ৰাসবাদীৰ ঘৰ।

এই দুই সন্ত্ৰাসবাদী পাকিস্তানৰ মদদপুষ্ট লস্কৰ-ই-তৈবাৰ সৈতে জড়িত। জানিব পৰা মতে এই দুয়ো সন্ত্ৰাসবাদীৰ ঘৰ অনন্তনাগ জিলাত। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সন্মুখীন হোৱা পেহেলগাম আছে এই অনন্তনাগ জিলাতেই।

খবৰ অনুসৰি বৃহস্পতিবাৰে গভীৰ নিশা আদিল নামৰ সন্ত্ৰাসবাদীটোৰ ঘৰ আই ই ডি বিস্ফোৰণৰ জৰিয়তে উৰুৱাই দিয়া হয়। শুকুৰবাৰে পুৱা আছিফ নামৰ আন এটা সন্ত্ৰাসবাদীৰ ঘৰ বুলডোজাৰেৰে ভাঙি পেলোৱা হয়। দুয়োটা ঘৰৰ ধ্বংস্তূপৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, যোৱা মঙলবাৰে কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত সংঘটিত হোৱা উগ্ৰপন্থী আক্ৰমণত পৰ্যটকসহ মুঠ ২৭ জন লোকৰ প্ৰাণ হানি হৈছিল। এই আক্ৰমণৰ সৈতে যি কেইটা সন্ত্ৰাসবাদী জড়িত আছিল তাৰ ভিতৰত অনন্তনাগৰ আছিফ আৰু আদিল নাম দুই সন্ত্ৰাসবাদীও জড়িত থকাৰ প্ৰমাণ পোৱা গৈছিল।

সেনাই প্ৰকাশ কৰা সন্ত্ৰাসবাদী দলটোৰ ফটোত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সৈতে দেখা গৈছিল জম্মু কাশ্মীৰৰ স্থানীয় এই দুই সন্ত্ৰাসবাদীক। সামৰিক সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি আছিফ আৰু আদিলে পাক সন্ত্ৰাসবাদীৰ দলটোৰ বাবে স্থানীয় পথ চিনাক্ত কৰিছিল।

সূত্ৰ অনুসৰি উগ্ৰপন্থী আদিলে ২০১৮ চনত আত্তৰী-ৱাগাহ সীমান্তৰে পাকিস্তানলৈ প্ৰশিক্ষণৰ বাবে গৈছিল। যোৱা বছৰ তেওঁ জম্মু-কাশ্মীৰলৈ উভতি আহিছিল। টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি সূত্ৰটোৱে দাবী কৰিছে যে আদিল থোকাৰ ওৰফে আদিল গুৰি এতিয়াও অনন্তনাগত আছে। 

পাকিস্তানৰ পৰা উভতি অহাৰ পিছত দক্ষিণ কাশ্মীৰতো তেওঁক কেইবাবাৰো দেখা গৈছিল। সূত্ৰটোৱে দাবী কৰা মতে, স্থানীয় বাসিন্দা হোৱাৰ বাবে তেওঁ পেহেলগাম আৰু বৈসাৰণৰ ভৌগোলিক অৱস্থানৰ বিষয়ে ভালকৈ জানে। 

সন্ত্ৰাসবাদী জম্মু কাশ্মীৰ পাকিস্তান