ডিজিটেল ডেস্কঃ কৃষি মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় কৃষি উন্নয়ন যোজনা (RKVY )ৰ ইনোভেছন এণ্ড এগ্ৰী এণ্টাৰপ্ৰেণাৰশ্বিপ ডেভলেপমেণ্ট প্ৰগামৰ জৰিয়তে ২০২০ চনৰ পৰা ২০২৪ পৰ্যন্ত মুঠ ১,৭০৮ কৃষি ষ্টাৰ্টআপক সহায়ৰ বাবে ১২২.৫০ কোটি টকা ব্যয় কৰিছে।
কৃষি আৰু কৃষি সংশ্লিষ্ট ষ্টাৰ্টআপসমূহে প্ৰাথমিক পৰ্যায়ত আৰ্থিক আৰু কাৰীকৰি সহায়ৰ বাবে এই ব্যৱস্থা আৰম্ভ ৰৰিছে। ২০২৪ চনৰ ভিতৰত ৫৩২ টা ষ্টাৰ্টআপক ৪৭.২৫ কোটি টকা দিয়া হৈছে। তাৰ পূৰ্বে ২০২৩ চনত ২৫৩ ষ্টাৰ্টআপক ২৪.৩৫ কোটি টকা মঞ্জুৰ কৰা হৈছিল।
এই প্ৰগেমৰ অধীনত ষ্টাৰ্টআপসমূহে তেওঁলোকৰ পণ্য, সেৱা বা ব্যৱসায় প্লেটফৰ্ম আৰম্ভ কৰা আৰু পৰৱৰ্তী সময়ত ইয়াক বহল পৰিসৰলৈ নিবলৈ আৰ্থিক সহায় লাভ কৰে। আই প্ৰগেমৰ জৰিয়তে প্ৰথমে ৫ লাখ টকা আৰু ছিড ষ্টেজত ২৫ লাখ টকা পৰ্যন্ত সাহায্য দিয়া হয়।
ইয়াৰ উপৰিও, ২০২৪ চনৰ ছেপ্টেম্বৰত ছেপ্টেম্বৰত আৰম্ভ কৰা হৈছিল 'এগ্ৰিচুৰ' আঁচনি। ইয়াৰ জৰিয়তে কৃষি ষ্টাৰ্টআপৰ বাবে ৭৫০ কোটি টকাৰ পুঁজি নিৰ্ধাৰণ কৰা হৈছিল। এই পুঁজিৰ ভিতৰত, ২৫০ কোটি টকা চৰকাৰে আৰু ২৫০ কোটি নাবাৰ্ডে আগবঢ়াব। আনহাতে বাকী ২৫০ কোটি বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে সংগ্ৰহ কৰা হ'ব।
শেহতীয়াকৈ ভাৰতীয় অৰ্থনীতিত কৃষি ষ্টাৰ্টআপৰ ভূমিকা বৃদ্ধি পাইছে। কৃষি খণ্ডই ২০৩০ চনৰ ভিতৰত ভাৰতৰ মুঠ জিডিপিত ৬০০ বিলিয়ন ডলাৰ অৰিহণা যোগাব বুলি আশা কৰা হৈছে।