ডিজিটেল ডেস্কঃ সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰ সম্পৰ্কে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা বিতৰ্কিত মন্তব্যক লৈ উত্তপ্ত হৈ পৰিছে দেশৰ ৰাজনীতি। তেওঁৰ পদত্যাগৰ দাবীৰে কংগ্ৰেছকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহে প্ৰতিবাদো সাব্যস্ত কৰিছে।
তাৰ মাজতে কংগ্ৰেছে অভিযোগ কৰিছে তেওঁলোকৰ দলৰ নেতাসকলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আম্বেদকাৰ প্ৰসংগত কৰা মন্তব্যৰ ভিডিঅ’ পোষ্ট কৰাৰ বাবেই জাননী জাৰি কৰা হৈছে। উল্লেখ্য যে, মঙ্গলবাৰে ৰাজ্যসভাত সংবিধানৰ ৭৫ বছৰ উপলক্ষে হোৱা বিতৰ্কৰ শেষত অমিত শ্বাহে ভাষণত কৈছিল- ‘‘এতিয়া এইটো ফেছন হৈ পৰিছে, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ...। ইমানবাৰ যদি ভগৱানৰ নাম ল’লে হয় তেন্তে সাত জনমলৈ স্বৰ্গ প্ৰাপ্তি হ’ল হয়।’’
আম্বেদকাৰ প্ৰসংগত শ্বাহৰ এই মন্তব্যৰ পাছতেই তেওঁৰ এই বক্তব্যৰ বিৰোধিতাৰে বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তেওঁৰ পদত্যাগ দাবী কৰিছে। বিৰোধীৰ দাবী অমিত শ্বাহৰ এই বক্ত দলিত বিৰোধী মানসিকতাৰ বৰ্হিপ্ৰকাশ।
বৃহস্পতিবাৰে অমিত শ্বাহৰ পদত্যাগৰ দাবীৰে সংসদৰ বাহিৰত প্ৰতিবাদ কৰাৰ সমান্তৰালকৈ বিৰোধীয়ে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰ মাজতে শ্বাহৰ বিৰুদ্ধে ৰাজ্যসভাত বিশেষ অধিকাৰ ভংগৰ জাননী জাৰি কৰিছে তৃণমূল কংগ্ৰেছে।
কংগ্ৰেছৰ অভিযোগ অনুসৰি তেওঁলোকৰ নেতাসকলে এক্সত অমিত শ্বাহৰ ভাষণৰ বিতৰ্কিত অংশ আপলোড কৰাৰ বাবেই তেওঁলোকলৈ এক্স কৰ্তৃপক্ষই জাননী জাৰি কৰিছে। তেওঁলোকৰ বিৰুদ্ধে ভিডিঅ’ এডিট কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ চাপত পৰিয়েই ভাৰতৰ এক্স কৰ্তৃপক্ষই যিসকলে অমিত শ্বাহৰ বিতৰ্কিত ভাষণ আপলোড কৰিছে তেওঁলোকলৈ জাননী জাৰি কৰাৰ অভিযোগ কৰিছে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেয়ে। তেওঁলোকৰ দাবী সামাজিক মাধ্যম আইন অনুসৰি কোনো ভিডিঅ’ বিকৃত হৈ থাকিলে সেয়া প্ৰচাৰত বাধা আছে। কিন্তু নিৰ্বাচিত অংশ পোষ্ট কৰাত কোনো বাধা নাই। তাৰ পাছতো এক্স কৰ্তৃপক্ষই জাননী জাৰি কৰিছে।
LIVE: Press Conference | AICC HQ, New Delhi https://t.co/OkNrmTKhyX
— Rahul Gandhi (@RahulGandhi) December 19, 2024
আনহাতে আম্বেদকাৰ প্ৰসংগত বিতৰ্কিত মন্তব্য কৰাৰ পাছতো অমিত শ্বাহে সেই ভুল স্বীকাৰ কৰাৰ পৰিবৰ্তে আন এক কৌশলৰহে আশ্ৰয় লৈছে। তেওঁ বুধবাৰে সাংবাদিকৰ আগত হুমকি দি কয় যে, যিসকলে সামাজিক মাধ্যমত এডিট কৰা ভিডিঅ’ আপলোড কৰিছে তেওঁলোকৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰা হ’ব।
कांग्रेस ने मेरे बयान को तोड़-मरोड़ कर जनता के सामने बहुत छोटा सा भाग काट कर रखा और भ्रांति फैलाने का प्रयास किया। तथ्यों को तोड़-मरोड़ कर समाज में झूठ फैलाना कांग्रेस की पुरानी आदत है। pic.twitter.com/OAbvejv2WF
— Amit Shah (@AmitShah) December 18, 2024
উল্লেখ্য যে, আম্বেদকাৰ প্ৰসংগত সংসদৰ মজিয়াতে গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যই যে বিজেপি দলক চাপত পেলাইছে সেয়া স্পষ্ট হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অমিত শ্বাহক উদ্ধাৰ কৰাত জপিয়াই পৰিছে।
মোডীয়ে এঢাপ আগুৱাই গৈ বিৰোধী কংগ্ৰেছেহে আম্বেদকাৰক অপমান কৰা বুলি দাবী কৰিছে।