পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড, টি আৰ এফৰ মুৰব্বীক নিধন...

২২ এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ মুৰব্বী শ্বাহিদ কুট্টেই এনকাউণ্টাৰত নিহত । 

author-image
Tushar Pratim
New Update
পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড,  টি আৰ এফৰ মুৰব্বীক নিধন...

ডিজিটেল ডেস্কঃ ২২ এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ মুৰব্বী শ্বাহিদ কুট্টেই জম্মু-কাশ্মীৰৰ শ্ব’পিয়ান জিলাত সংঘটিত হোৱা এক এনকাউণ্টাৰত আন দুজন সন্ত্ৰাসবাদীৰ সৈতে নিহত হৈছে। 

Advertisment

১৩ মে' ২০২৫, মঙলবাৰে ৰাষ্ট্ৰীয় ৰাইফলছ ইউনিটৰ নিৰ্দিষ্ট চোৰাংচোৱাৰ খবৰৰ ভিত্তিত শ্ব’পিয়ানৰ শ্বোকেল কেলাৰৰ সাধাৰণ অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিৰুদ্ধে সেনা, সুৰক্ষা বাহিনীয়ে অভিযান চলাইছিল। এই অভিযানৰ সময়তে সন্ত্ৰাসবাদী কেইটাইৰে সুৰক্ষা বাহিনীৰ সংঘৰ্ষ হয়। 

ফলত তিনি সন্ত্ৰাসবাদী নিহত হৈছে বুলি জানিব পৰা গৈছে। এই বিষয়ে ভাৰতীয় সেনাই এক্স হেণ্ডেলৰ জৰিয়তেও অৱগত কৰিছে। শ্ব’পিয়ানৰ আলশ্বিপোৰা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অপাৰেচন কেলাৰ নামেৰে এই অভিযান চলোৱা হৈছিল।  

ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী, আৰু চি আৰ পি এফৰ যৌথ দলে চলোৱা এই অভিযানত উগ্ৰপন্থীৰ সৈতে কেইবাঘণ্টা ধৰি গুলীয়াগুলী অব্যাহত আছিল। 

২৬ জন সাধাৰণ নাগৰিকৰ প্ৰাণ কাঢ়ি নিয়া পেহেলগাম আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড শ্বাহিদ কুট্টেই আছিল। শ্বাহিদ যোৱা কেইবামাহ ধৰি ভাৰতীয় সংস্থাসমূহৰ ৰাডাৰত আছিল।

নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি অধিক তালাচী অভিযান চলাইছে। তাৰোপৰি সন্ত্ৰাসবাদীৰ দ্বাৰা হ’ব পৰা আক্ৰমণৰ প্ৰতিৰোধৰ বাবে কৰ্তৃপক্ষই অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে।

অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছতে টি আৰ এফৰ মুৰব্বীকো এইদৰে নিধন কৰাতো ভাৰতীয় সেনাৰ বাবে আন এক সফলতা। অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতীয় সেনাই বাহাৱালপুৰস্থিত জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় আৰু মুৰিদকেত থকা লস্কৰ-ই-তৈবাৰ প্ৰশিক্ষণ ঘাটিত আঘাত কৰি প্ৰায় ১০০জন সন্ত্ৰাসবাদীক নিধন কৰিছিল। 

 

জম্মু কাশ্মীৰ পেহেলগাম