ছিমলাত অসুস্থ ছোনিয়া গান্ধীঃ হাস্পতালত ভৰ্তি...

অসুস্থ হৈ পৰিছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। ছিমলাৰ বাসগৃহত বৰ্ষীয়ান নেত্ৰীগৰাকী তাতেই অসুস্থ হৈ পৰাত তেওঁক ছিমলা ইন্দিৰা গান্ধী মেম’ৰিয়েল হাস্পতালত ভৰ্তি কৰোৱা হয়। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
ছিমলাত অসুস্থ ছোনিয়া গান্ধীঃ হাস্পতালত ভৰ্তি...

ডিজিটেল ডেস্কঃ পুনৰ অসুস্থ হৈ পৰিছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। ছিমলাৰ বাসগৃহত কংগ্ৰেছৰ বৰ্ষীয়ান নেত্ৰীগৰাকী তাতেই অসুস্থ হৈ পৰাত তেওঁক ছিমলা ইন্দিৰা গান্ধী মেম’ৰিয়েল হাস্পতালত ভৰ্তি কৰোৱা হয়। 

Advertisment

তাতেই তেওঁৰ এম আৰ আইকে ধৰি অন্যান্য পৰীক্ষা-নিৰীক্ষা কৰিছে। উল্লেখ্য যে, ৭৮ বছৰীয়া কংগ্ৰেছ নেত্ৰীগৰাকী যোৱা কিছু দিন ধৰি অসুস্থ হৈ আছে। বিভিন্ন শাৰীৰিক সমস্যাৰে যুঁজি থকা ছোনিয়া গান্ধীৰ চিকিৎসা চলি আছে। 

কোভিডত আক্ৰান্ত হোৱাৰ পিছৰে পৰা তেওঁ নানা ৰোগৰ সমস্যাত ভূগি আছে। খবৰ অনুসৰি আজি তেওঁক নৈমিত্তিক পৰীক্ষাৰ বাবে হাস্পতাললৈ লৈ যোৱা হৈছিল। তাতেই তেওঁৰ পৰীক্ষা নিৰীক্ষা কৰাত উচ্চ ৰক্তচাপ কিছু বৃদ্ধি হোৱা বুলি জনায়। তাৰ পিছত প্ৰাৰম্ভিক চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছিল। 

পিছত তেওঁ পুনৰ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ ইন্দিৰা গান্ধী মেম’ৰিয়েল হাস্পতাললৈ লৈ যোৱা হয় আৰু তাতেই তেওঁক ভৰ্তি কৰোৱা হয়। অৱশ্যে উক্তৰক্তচাপৰ বাবেই তেওঁৰ এই অসুস্থতা বুলি নিশ্চিত কৰে চিকিৎসকে।

ইফালে ছোনিয়া গান্ধীক হাস্পতালত ভৰ্তি কৰাৰ পিছতে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখোও উপস্থিত হয়গৈ হাস্পতালত। জানিব পৰা মতে যোৱা সোমবাৰেই ছিমলালৈ আহিছিল ইউ পি এৰ অধ্যক্ষগৰাকী। 

তাত থকা জীয়ৰী প্ৰিয়ংকা গান্ধীৰ বাগানত থকা বাসগৃহত কিছু দিন অতিবাহিত কৰিবলৈ তেওঁ আহিছিল। পৰিকল্পনা আছিল কেইবাটাও মন্দিৰ পৰিদৰ্শন কৰাৰ। কিন্তু এইদৰে হঠাৎ তেওঁ অসুস্থ হৈ পৰাত আজি হাস্পতালত ভৰ্তি কৰিবলগীয়া হোৱা বিষয়টোৱে চিন্তিত কৰি তুলিছে আত্মীয়ক। 

 

 

ছোনিয়া গান্ধী