ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে নতুন ''ৱান নেচন, ৱান ছাবক্ৰিপছন'' (ONOS) আঁচনি আৰম্ভ কৰিবলৈ আগবাঢ়িছে। ইয়াৰ মাধ্যমত কেন্দ্ৰীয় আৰু ৰাজ্য অনুমোদিত বিশ্ববিদ্যালয়সমূহৰ ১৮ মিলিয়ন শিক্ষাৰ্থীয়ে আন্তৰ্জাতিক গৱেষণা আলোচনীৰ অংশ হ'ব।
আৰম্ভণিতে চৰকাৰে ৩০ টা প্ৰকাশন প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা কৰিছে। ইয়াৰ ভিতৰত আছে এলচেভিয়াৰ, কেমব্ৰিজ বিশ্ববিদ্যালয় প্ৰেছ আদি। আঁচনিখনৰ প্ৰথম পৰ্যায় ১ জানুৱাৰী ২০২৫ ৰ পৰা আৰম্ভ কৰা হ’ব। যোৱা মাহত কেন্দ্ৰীয় কেবিনেটে এই আঁচনিত অনুমোদন জনাইছিল।
উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে, ভাৰত চৰকাৰে বিজ্ঞান, প্ৰযুক্তি, ব্যৱস্থাপনা, সমাজবিজ্ঞান আৰু মানৱবিজ্ঞানৰ আলোচনী প্ৰকাশ কৰা ৩০ টা আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠানৰ সৈতে চুক্তিবদ্ধ হৈছে। প্ৰকাশকসকলৰ ভিতৰত আছে এলচেভিয়েৰ, টেইলৰ এণ্ড ফ্ৰান্সিছ, বিএমজে জাৰ্নেলচ, কেমব্ৰিজ ইউনিভাৰ্চিটি প্ৰেছ, ছেজ, অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ আৰু প্ৰজেক্ট মিউজ।
ইয়াৰ পৰা কোনবোৰ সংগঠন লাভান্বিত হ'ব?
পূৰ্বে কেৱল আই.আই.টি. বা একাংশ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে এনে উচ্চ মানদণ্ডৰ আলোচনী প্ৰকাশ কৰিছিল। ৱান নেচন ৱান ছাবক্ৰিপছন আঁচনিৰ অধীনত, ৪৫১ খন ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয়, ৪৮৬৪ খন মহাবিদ্যালয় আৰু ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ ১৭২ খন প্ৰতিষ্ঠানকে ধৰি ৬৩৮০ খন উচ্চ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানে এই আন্তঃৰাষ্ট্ৰীয় আলোচনীবোৰ ব্যৱহাৰ কৰিব পাৰিব।
গৱেষণা আলোচনীৰ সংখ্যা
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব অভয় কাৰাদিকাৰে পিটিআইক এই সন্দৰ্ভত কয়, "পূৰ্বে কেৱল আই.আই.টি বা কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহে এক নিৰ্দিষ্ট শাখাৰ ওপৰত আধাৰিত কৰি সীমিত সংখ্যক আলোচনীত সদস্যতা লাভ কৰিছিল। অৱশ্যে, ৱান নেচন,ৱান ছাবক্ৰিপছনৰ জৰিয়তে, সকলো প্ৰতিষ্ঠানে এতিয়া ১৩,৪০০ গৱেষণা আলোচনী লাভ কৰিব।
ব্যক্তিগত বিশ্ববিদ্যালয়সমূহৰ বাবে লাভ কি?
বৰ্তমান 'ৱান নেচন ৱান ছাবক্ৰিপছন' আঁচনি কেৱল কেন্দ্ৰীয় আৰু ৰাজ্যিক অনুদানপ্ৰাপ্ত বিশ্ববিদ্যালয়সমূহৰ বাবে উপলব্ধ। প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় সুদে পিটিআইক এই সন্দৰ্ভত কয় যে, এই আঁচনিত ব্যক্তিগত বিশ্ববিদ্যালয়সমূহক দ্বিতীয় পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হ'ব।
তেওঁ কয়, "পৰৱৰ্তী তিনি বছৰৰ বাবে কাৰ্যকৰী হ'বলগীয়া প্ৰথম পৰ্যায়ত এই সুবিধা সকলো কেন্দ্ৰীয় আৰু ৰাজ্যিক অনুদানপ্ৰাপ্ত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়লৈ সম্প্ৰসাৰিত কৰা হ'ব। ইয়াৰ পিছত, আমি ব্যক্তিগত প্ৰতিষ্ঠানসমূহ অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছো। শেষত তৃতীয় পৰ্যায়ত, আমি সকলো ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠানলৈ সাৰ্বজনীন প্ৰৱেশৰ ব্যৱস্থা কৰাৰ লক্ষ্য ৰাখিছো।"
এই পদক্ষেপে ভাৰতৰ উচ্চ শিক্ষা খণ্ডত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব আৰু গৱেষণাৰ মানদণ্ড উন্নত কৰিব বুলি আশা কৰা হৈছে।