চিলিণ্ডাৰ বিস্ফোৰণঃ ৩ শিশুসহ ৪ জন জীৱন্তে অগ্নিগদ্ধ, ১৬ জনৰ অৱস্থা সংকটজনক..

অবৈধ গেছ ৰিফিলিঙৰ সময়তে সংঘটিত হৈছে এই অঘটন...

author-image
Asomiya Pratidin
New Update
চিলিণ্ডাৰ বিস্ফোৰণঃ ৩ শিশুসহ ৪ জন জীৱন্তে অগ্নিগদ্ধ, ১৬ জনৰ অৱস্থা সংকটজনক..

jodhpur

ডিজিটেল ডেস্কঃ গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে যোধপুৰত। বিস্ফোৰণৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈছে ৪ জনকৈ লোক। আনহাতে এই ঘটনাত অতি গুৰুতৰ ভাৱে আহত হৈছে আন ১৬ জনকৈ লোক।

Advertisment

যোধপুৰৰ কীৰ্তি নগৰ অঞ্চলত শনিবাৰে সংঘটিত হোৱা এই গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ লগে লগে সমগ্ৰ অঞ্চলত ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছে। বিয়লি প্ৰায় ৩ বজাত সংঘটিত হোৱা এই বিস্ফোৰণ অবৈধ ৰিফিলিঙৰ সময়ত গেছ লিকেজ হোৱাৰ বাবেই সংঘটিত হয়।

উল্লেখ্য যে এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে বিস্ফোৰণৰ লগে লগে সমগ্ৰ অঞ্চলটো কপি উঠিছিল। বিস্ফোৰণস্থলীৰ কেইবাখনো বাহন জ্বলি গৈছে। এই বিস্ফোৰণৰ ফলত মৃত্যু লোকসকলৰ ভিতৰত আছে তিনিটি শিশুও।

নিহত লোকসকল ক্ৰমে- নিকু (১২), বিকি (১৫), সুৰেশ (৪৫) আৰু কোমল (১৩) বুলি চিনাক্ত কৰা হৈছে। নক্স (১১), নিৰমা (৩৭), শোভা (৫০), সৰোজ (৩০), হৰিৰাম (৪২), নীতেশ (১৪), কাঞ্চন (৩০), ৰাজবীৰ (৫), খুশী (২), পৰশী (২৫), দিব্যাংশু (১৬), অশোক (৩৩), অনৰাজ (৪২), সুৰাজ (২৪) আৰু ভোমাৰ নামৰ লোক কেইজন অতি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে। আনহাতে আহতসকলৰ মাজৰ এজনৰ নাম এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

প্ৰাথমিক অনুসন্ধানত প্ৰাপ্ত তথ্য মতে যিটো ঘৰত এই বিস্ফেৰণ সংঘটিত হৈছিল সেই ঘৰটোৰ গৰাকী আছিল কোজাৰাম লোহাৰৰ। কোজাৰামৰ লগতে তেওঁৰ চাৰিজন ভাতৃৰ পৰিয়ালো এই ঘৰটোতে বাস কৰে।

চিকিৎসালয়ত ভৰ্তি হোৱা ১৬ জন লোকৰ আঠজনৰ দেহৰ প্ৰায় ৮০ শতাংশ দগ্ধ বিস্ফোৰণ সংঘটিত হৈছিল সেয়া এতিয়াও নিশ্চিত কৰা হোৱা নাই যদিও সন্দেহ কৰা হৈছে বিস্ফোৰণ ৰিফিলিংৰ সময়ত সংঘটিত হৈছে।

jodhpur