Advertisment

বছৰৰ প্ৰথম দিনটোতে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে দিলজিৎ দোছাঞ্জে...

গ্লোবেল আইকনলৈ পৰিণত হোৱা জনপ্ৰিয় সংগীত শিল্পী, অভিনেতা দিলজিৎ দোছাঞ্জে আজি সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত জনপ্ৰিয় পঞ্জাৱী গায়কজনে নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ ফটো সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
নৰেন্দ্ৰ মোডী

ডিজিটেল ডেস্কঃ গ্লোবেল আইকনলৈ পৰিণত হোৱা জনপ্ৰিয় সংগীত শিল্পী, অভিনেতা দিলজিৎ দোছাঞ্জে আজি সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত জনপ্ৰিয় পঞ্জাৱী গায়কজনে নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ ফটো সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰিছে।

Advertisment

দিলিজিতে এক্স হেণ্ডেলত মোডীক সাক্ষাতৰ সময়ত সংগীতৰ উপৰিও বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ কথা উল্লেখ কৰিছে। তেওঁ লিখিছে, ''A fantastic start to 2025. A very memorable meeting with PM @narendramodi Ji. We talked about a lot of things including music of course!''

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিলজিৎ দোছাঞ্জৰ টুইট ৰিটুইট কৰি লিখিছে, দিলজিৎ দোছাঞ্জৰ সৈতে বাৰ্তালাপৰ কথা। তেওঁ দিলজিৎক বহুমুখী প্ৰতিভাৰ অধিকাৰী বুলিও উল্লেখ কৰিছে।

তেওঁ লিখিছে, ''A great interaction with Diljit Dosanjh! He’s truly multifaceted, blending talent and tradition. We connected over music, culture and more…''

মন কৰিবলগীয়া যে বিভিন্ন সময়ত দিলজিৎ দোছাঞ্জে নিজকে বাৰে বাৰে ভাৰতীয় বুলি প্ৰমাণ কৰি থাকিবলগীয়া হৈছে বুলি আক্ষেপ প্ৰকাশ কৰি আহিছে। শিখ সম্প্ৰদায়ৰ হোৱাৰ বাবেই বহুতেই তেওঁলোকক খালিষ্টান পন্থী বুলি সামাজিক মাধ্যমত অভিহিত কৰাৰো অভিযোগ উঠিছে। 

তেনে সময়তে দিলজিৎ দোছাঞ্জে অতি আত্মীয়তাৰে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰা বিষয়টো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। 

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী