/asomiyapratidin/media/media_files/2025/05/09/BgFu5Tf8gDQrhWRQ7WNz.jpg)
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই পুৱাই জম্মুলৈ ৰওনা হৈছে।এই জম্মুৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলত বৃহস্পতিবাৰে নিশা পাকিস্তানে বিভিন্ন ধৰণে আকাশী পথেৰে আক্ৰমণৰ অপচেষ্টা চলাই ব্যৰ্থ হৈছিল।
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জনসংযোগ সঞ্চালকালয়ে ৮ মে’ বৃহস্পতিবাৰে নিশাই টুইটাৰযোগে প্ৰকাশ কৰিছে যে জম্মু, পাঠানকোট আৰু উধামপুৰত থকা ভাৰতৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি পাকিস্তানে ড্ৰ’ণ আৰু মিছাইলেৰে আক্ৰমণৰ চেষ্টা চলাইছিল যদিও ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাই তাক ধ্বংস কৰিছে। তাৰ পাছতেই ভাৰতে পাকিস্তানক যথোচিত প্ৰত্যুত্তৰ দিছে।
অৱশ্যে নিজকে ৰক্ষা কৰিবলৈ অসত্যৰ আশ্ৰয় লৈ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই আক্ৰমণক অস্বীকাৰ কৰিছে। কিন্তু ভাৰতে সেই অসত্যও উন্মোচিত কৰি দিছে।
৮ মে’ৰ নিশা প্ৰায় ৮:৪৫ বজাত জম্মু চহৰৰ পৰা বিমান আক্ৰমণৰ তথ্য আহিবলৈ আৰম্ভ কৰিছিল। জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ পৰা ৮ মে’ৰ পুৱাৰে পৰা স্থানীয় লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।
জম্মু চহৰৰ কাষৰীয় অঞ্চলত নিশা কেইবাটাও বিস্ফোৰণৰ শব্দ শুনিছিল স্থানীয় নাগৰিকে। তাৰ পিছত সমগ্ৰ অঞ্চলটোৰ বিদ্যুৎ যোগান বন্ধ হৈ পৰিছিল। কেৱল হোৱাটছএপ কল সেৱাহে উপলব্ধ আছিল।
জম্মুৰ পৰা স্থানীয় লোকে প্ৰেৰণ কৰা বহু ভিডিঅ’ত দেখা গৈছে ব্লেকআউটৰ মাজতে আকাশত সৰু সৰু লাইট দেখা গৈছিল, যিবোৰ দৰাচলতে আছিল ড্ৰ’ণ। তাৰোপৰি মিছাইল আক্ৰমণৰ দৃশ্যও ধৰা দিছিল কেমেৰাত।
যোৱা নিশাৰ জম্মুৰ এনে পৰিস্থিতিৰ পাছত জম্মু চহৰ আৰু সংমণ্ডলৰ অন্যান্য অংশত পাকিস্তানী ড্ৰ’ন আক্ৰমণৰ ব্যৰ্থতাৰ পিছত পৰিস্থিতিৰ বুজ ল’বলৈ জম্মুলৈ ৰাওনা হৈছে,’ মুখ্যমন্ত্ৰী আব্দুল্লা।
Driving to Jammu now to take stock of the situation after last night’s failed Pakistani drone attack directed at Jammu city & other parts of the division. pic.twitter.com/8f8PLA6Vgg
— Omar Abdullah (@OmarAbdullah) May 9, 2025