Advertisment

পৰিয়ালক্ৰমে ৰাজনৈতিক মঞ্চ লাভ কৰা সকলে কৰ্ম সাধনাৰ বিষয়ে কি বুজিবঃ নীতিশ কুমাৰ…

পৰিয়ালক্ৰমে ৰাজনৈতিক মঞ্চ লাভ কৰা সকলে কৰ্ম সাধনাৰ বিষয়ে কি বুজিবঃ নীতিশ কুমাৰ…

author-image
asomiyapratidin
New Update
পুৰুষ সকলে দায়িত্ব নলয় যাৰ বাবে জনসংখ্যা বৃদ্ধি হৈছেঃ নীতিশ কুমাৰ

ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান ৩ নবেম্বৰত অনুষ্ঠিত হব। ইয়াৰ পূৰ্বে নিৰ্বাচনৰ প্ৰচাৰ সভা চলি আছে। সকলো প্ৰতিপক্ষক কটাক্ষ কৰাত ব্যস্ত। সোমবাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ পুণৰ বিপক্ষ নেতা তেজস্বী যাদৱ আৰু  লোকজন পাৰ্টিৰ যুব অধ্যক্ষ  চিৰাগ পাচৱানৰ তেওঁৰ মন্তব্যৰে আক্ৰমণ কৰে। তেওঁ ৰাজনৈতিক পৰিয়ালৰ পৰা অহা দুয়োজন নেতাক তেওঁলোকৰ পাৰিবাৰিক ঐতিহ্যক লৈ মন্তব্য কৰে।

Advertisment

নীতিশে এটা টুইটত লিখে যে, যিসকলৰে সকলো তেওঁলোকৰ পৰিয়ালৰ পৰাৰ পৰ্যায়ক্ৰমে পাই আহিছে তেওঁলোকে কৰ্মৰ সাধনাৰ বিষয়ে কি বুজিব। তেওঁ লগতে লিখে যে তেওঁ তেওঁৰ সকলো বিহাৰৰ বাবেই উচৰ্গা কৰিছে। সেৱা কৰাই তেওঁৰ ধৰ্ম।উল্লেখযোগ্য যে এইবাৰৰ বিহাৰৰ নিৰ্বাচনত এই জেষ্ঠ নেতাজনৰ বিপক্ষে দুজন যুৱ নেতাই ৰাজনৈতিক যুঁজত নামিব।