হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বাৰ্ষিক ভাৰত সম্মিলনত ভাষণ দিব নীতা আম্বানীয়ে...

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া বাৰ্ষিক ভাৰত সম্মিলনত ভাৰতৰ ব্যৱসায়, নীতি আৰু সংস্কৃতিৰ ওপৰত বক্তব্য আগবঢ়াব ৰিলায়েঞ্চৰ অধ্যক্ষা নীতা আম্বানীয়ে।

author-image
Asomiya Pratidin
New Update
 হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বাৰ্ষিক ভাৰত সম্মিলনত ভাষণ দিব নীতা আম্বানীয়ে...

ডিজিটেল ডেস্কঃ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত ভাষণ দিব ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধ্যক্ষা নীতা আম্বানীয়ে। বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হবলগীয়া বাৰ্ষিক ভাৰত সম্মিলনত ভাৰতৰ ব্যৱসায়, নীতি আৰু সংস্কৃতিৰ ওপৰত বক্তব্য আগবঢ়াব নীতা আম্বানীয়ে। তাৰোপৰি এই সময়তে তেওঁ বিশিষ্ট শিক্ষাবিদ আৰু হাৰ্ভাৰ্ড বিজনেজ স্কুলৰ পূৰ্বৰ ডীন নিতিন নোহৰিয়াৰ সৈতে এক আলোচনাতো বহিব।

এই আলোচনাৰ জৰিয়তে ভাৰতৰ শিল্প আৰু সংস্কৃতিৰ বিভিন্ন দিশ আৰু আধুনিক বিশ্বত ভাৰতক এক শক্তিশালী স্থান দিয়াত ইয়াৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হব। এই সম্মিলন ১৫ ৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ দুদিনীয়াকৈ অনুষ্ঠিত হব। এই অনুষ্ঠানত ১০০০ তকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ কথা আছে।

এই বছৰৰ সম্মিলনৰ বিষয় হৈছে ভাৰতৰ পৰা বিশ্বলৈ (From India to the World)ইয়াৰ জৰিয়তে ভাৰতৰ বিশ্বলৈ অৱদানৰ যাত্ৰাক উদযাপন কৰা হব আৰু ভাৰতীয় উদ্ভাৱন, ধাৰণা আৰু কণ্ঠই কেনেকৈ বিশ্বজুৰি শান্তি আৰু সমৃদ্ধিৰ বাট মুকলি কৰিছে তাক অন্বেষণ কৰিব।

এই সম্মিলনখনত দূৰদৰ্শী নেতৃবৃন্দই বিশ্বক প্ৰভাৱিত কৰা গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত ভাৰতৰ স্বকীয় দৃষ্টিভংগীৰ আলোচনা কৰিব। এই বিষয়সমূহৰ ভিতৰত আছে প্ৰযুক্তি, জলবায়ু কাৰ্য্য, অৰ্থনৈতিক উন্নয়ন, গণতন্ত্ৰ, কূটনীতি, সাংস্কৃতিক বিনিময় আদি।

মন কৰিবলগীয়া যেস ২২ বছৰতকৈও অধিক সময় ধৰি হাৰ্ভাৰ্ডৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে একেলগে ব্যৱসায়,  অৰ্থনীতি,  শিক্ষা আৰু সংস্কৃতিৰ দৰে ক্ষেত্ৰৰ পৰা বিশেষজ্ঞসকলক আমন্ত্ৰণ কৰি ভাৰতৰ বৰ্তমানৰ পৰিস্থিতি আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ সন্দৰ্ভত এনেধৰণৰ আলোচনা অনুষ্ঠিত কৰি আহিছে।

নীতা আম্বানী