চত্তীশগড়ত ভোটগ্ৰহণৰ মাজতে নক্সালবাদীৰ আক্ৰমণ

চত্তীশগড়ত ভোটগ্ৰহণৰ মাজতে নক্সালবাদীৰ আক্ৰমণ

author-image
asomiyapratidin
New Update
চত্তীশগড়ত ভোটগ্ৰহণৰ মাজতে নক্সালবাদীৰ আক্ৰমণ

ফাইল ফটো

ডিজিটেল ডেস্কঃ ভোট গ্ৰহণৰ মাজতে চত্তীশগড়ত অব্যাহত আছে সন্ত্ৰাস। বিগত কিছুদিন ধৰি মাওবাদীয়ে ৰাজ্যখনত বিভিন্ন কূটাঘাটমূলক কাৰ্যৰ সৃষ্টি কৰি থকাৰ মাজতে পুনৰ এবাৰ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ কূটাঘাট সৃষ্টিৰ চেষ্টা চলায়।

Advertisment

সোমবাৰে দুপৰীয়া ৰাজ্যখনৰ বীজাপুৰত এটা নক্সালবাদীৰ দলে ভোটকেন্দ্ৰত নিৰাপত্তাৰ দায়িত্বত থকা সেনা জোৱানৰ প্ৰতি লক্ষ্য কৰি গুলীচালনা কৰে। নক্সালবাদীৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দি নিৰাপত্তাৰক্ষীয়েও গুলীচালনা কৰে।

নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ এই সংঘৰ্ষত দুজন নিৰাপত্তাৰক্ষী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। আনহাতে ভোট গ্ৰহণৰ মাজতে সংঘটিত হোৱা এই ঘটনাই ৰাজ্যবাসীক শংকিত কৰি তুলিছে।