আজি ৰাষ্ট্ৰীয় একতা দিৱস...

আজি ৰাষ্ট্ৰীয় একতা দিৱস...

ডিজিটেল ডেস্ক : আজি ৰাষ্ট্ৰীয় একতা দিৱস । ভাৰতৰ লৌহ মানৱ খ্যাত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে অক্টোবৰ মাহৰ ৩১ তাৰিখটো ৰাষ্ট্ৰীয় একতা দিৱস ৰূপে উদযাপন কৰা হৈ আহিছে ভাৰতবৰ্ষত । প্ৰয়াত চৰ্দাৰ বল্লভভাই পেটেল হৈছে দেশৰ প্ৰথম গৰাকী উপ-প্ৰধান মন্ত্ৰী তথা প্ৰথম গৰাকী কেন্দ্ৰীয় গৃহ মন্ত্ৰী । ১৯৪৭ চনৰ পৰা ১৯৫০ চনলৈ গৃহ মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰা পেটেল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা । যি দেশৰ স্বাধীনতা আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ ওপৰিও দেশৰ একতা আৰু সংহতি ৰক্ষাৰ বাবেও যথেষ্ট অৱদান আগবঢ়াইছিল । যাৰ বাবেই নেতা গৰাকীৰ জন্মদিনটো সমগ্ৰ দেশে একতা আৰু সংহতিৰ বাবে ৰাষ্ট্ৰীয় একতা দিৱস ৰূপে পালন কৰি আহিছে ।

স্বাধীনতা আন্দোলন, ১৯৪৭ চনৰ ভাৰত-পাকিস্তানৰ বিভাজনৰ সময়ত ৰাজনৈতিক সংহতিৰ বাবে জাতীয় কংগ্ৰেছৰ ৰক্ষণশীল নেতা বল্লভভাই পেটেলে লোৱা স্থিতিৰ বাবেই তেখেতে লাভ কৰিছিল 'চৰ্দাৰ' অৰ্থাৎ 'নেতা'ত খিতাপ ।

চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম হৈছিল গুজৰাটৰ এক গ্ৰাম্যাঞ্চলত । পৰৱৰ্তী সময়ত এক সফল অধিবক্তা ৰূপে প্ৰতিষ্ঠা লাভ কৰা পেটেল আছিল স্বাধীনতা আন্দোলনৰ প্ৰথমাৱস্থাত মহাত্মা গান্ধীৰ সোঁহাত স্বৰূপ । অসহযোগ আন্দোলনৰ সময়তো গুজৰাটত বহু কেইটা কৃষক যাত্ৰাৰ গুৰি ধৰোতা আছিল পেটেল । গুজৰাটৰ আটাইতকৈ প্ৰভাৱশালী নেতা সকলৰ এজন ৰূপে প্ৰতিষ্ঠা লাভ কৰা পেটেল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৯তম সভাপতি ।

ধীনতা আন্দোলনৰ সময়ত দেশৰ প্ৰায় প্ৰত্যেক খন প্ৰদেশকেই ব্ৰিটিছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ সন্মত কৰোৱাৰ বাবেই এই মহান নেতা গৰাকীয়ে লাভ কৰিছিল দেশৰ 'লৌহ-পুৰুষ' অথবা 'লৌহ-মানৱ'ৰ খ্যাতি । আৰু এই গৰাকী নেতাৰ জন্মদিনটোতেই পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস ।

নেতাগৰাকীৰ স্মৃতিত কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ নৰ্মদা নদীৰ ওপৰত নিৰ্মাণ কৰিছিল পৃথিৱীয় সৰ্বোচ্চ প্ৰতিমূৰ্তিটো । প্ৰায় ৫৯৭ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিৰটোৰ বাবদ ২৭ বিলিয়ন ধন ব্যয় কৰি ২০১৮ চনত মুকলি কৰিছিল দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।  তাৰ পাছৰে পৰাই ৰাষ্ট্ৰীয় একতা দিৱসৰ দিনা প্ৰতিমূৰ্তিটোত বল্লভভাই পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছে প্ৰধান মন্ত্ৰী গৰাকীয়ে ।

এই বেলিও সোমবাৰে পুৱা প্ৰতিমূৰ্তিটোত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি দেশবাসীক সম্বোধন কৰে নৰেন্দ্ৰ মোডীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in