প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক দেশবাসীৰ স্মৰণঃ প্ৰধানমন্ত্ৰী, কংগ্ৰেছে জনালে শ্ৰদ্ধাঞ্জলি...

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন ৰাজীৱ গান্ধীৰ মৃত্যু তিথি। তেওঁৰ৩৪ সংখ্যক মৃত্যু তিথি উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
প্ৰয়াত প্ৰধানমন্ত্ৰীক দেশবাসীক স্মৰণঃ প্ৰধানমন্ত্ৰী, কংগ্ৰেছে জনালে শ্ৰদ্ধাঞ্জলি...

ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৩৪ সংখ্যক মৃত্যু তিথি উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এক্সত এক বাৰ্তাত প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজীৱ গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰি উল্লেখ কৰে, আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীজীলৈ তেখেতৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। 

Advertisment

উল্লেখ্য যে, ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠ চৰকাৰক নেতৃত্ব দিছিল ৰাজীৱ গান্ধীয়ে। তেওঁৰ দূৰদৰ্শী চিন্তাই দেশক বহু দূৰ আগুৱাই নিছিল। ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত এক প্ৰচাৰ সভাত শ্ৰীলংকাৰ সন্ত্ৰাসবাদী সংগঠন লিবাৰেচন টাইগাৰছ অৱ তামিল ইলাম চুমকৈ এলটিটিইয়ে হত্যা কৰিছিল। 

সেই ৰাজীৱ গান্ধীৰে পুত্ৰ ৰাহুল গান্ধী বৰ্তমান লোকসভাৰ বিৰোধী দলৰ নেতা। আজি ৰাহুল গান্ধীয়েও তেওঁৰ প্ৰয়াত পিতৃলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈকে বীৰ ভূমিত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক ফুলৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

তাৰোপৰি শচীন পাইলটকে ধৰি আন আন কংগ্ৰেছ নেতাসকলেও এই স্মৃতি সৌধত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এক্সত এক পোষ্টৰ জৰিয়তে মল্লিকাৰ্জুন খাৰ্গেয়ে ৰাজীৱ গান্ধীক ভাৰতৰ এজন মহান পুত্ৰ বুলি অভিহিত কৰি তেওঁ প্ৰধানমন্ত্ৰী হিচাপে গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ কথাও উল্লেখ কৰে। 

ভোটাৰ নূন্যতম বয়স ১৮ বছৰলৈ হ্ৰাস কৰা, পঞ্চায়তী ৰাজক শক্তিশালী কৰা, টেলিকম আৰু আই টি বিপ্লৱৰ নেতৃত্ব দিয়া আদি বিষয়সমূহ আলোকপাত কৰে খাৰ্গেয়ে। ইফালে শচীন পাইলটে তেওঁৰ এক্সৰ পোষ্টত কয়, দূৰদৰ্শী নেতা ৰাজীৱ গান্ধীয়ে ভাৰতক নতুন উচ্চতালৈ লৈ গ’ল। 

আনহাতে কংগ্ৰেছ দলটোৰ অফিচিয়েল এক্স হেণ্ডেলত প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক সোঁৱৰি উল্লেখ কৰে যে, আধুনিক ভাৰত সৃষ্টিৰ ক্ষেত্ৰত ৰাজীৱ গান্ধীৰ অৱদান অবিস্মৰণীয়। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন ৰাজীৱ গান্ধী জীলৈ তেখেতৰ মৃত্যু বাৰ্ষিকীত সন্মানজনক শ্ৰদ্ধাঞ্জলি। আধুনিক ভাৰত সৃষ্টিত ৰাজীৱ গান্ধীৰ অবিস্মৰণীয় অৱদানৰ কথা উল্লেখ কৰি কয়, তেওঁৰ দৃষ্টিভংগী, বিজ্ঞান-প্ৰযুক্তি আৰু যুৱ সবলীকৰণৰ তেওঁৰ চিন্তাধাৰাই আজিও আমাক অনুপ্ৰাণিত কৰে।"


 

ৰাজীৱ গান্ধী নৰেন্দ্ৰ মোডী