মন্দিৰ দৰ্শন কৰি উভতাৰ পথতে পাহাৰৰ পৰা সৰি পৰিল ইনোভা বাহন...

মন্দিৰ দৰ্শন কৰি উভতি আহিছিল ঘৰলৈ । এনেতে সংঘটিত হ'ল অঘটন। পাহাৰৰ পৰা খহিঁ তলত পৰিলগৈ ইনভা বাহনখন। থিতাতে মৃত্যু হ'ল গাড়ীখনত থকা ৫জনকৈ লোক। মহাৰাষ্ট্ৰৰ নাচিকৰ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ মন্দিৰ দৰ্শন কৰি উভতি আহিছিল ঘৰলৈ । এনেতে সংঘটিত হ'ল অঘটন। পাহাৰৰ পৰা খহিঁ তলত পৰিলগৈ ইনভা বাহনখন। থিতাতে মৃত্যু হ'ল গাড়ীখনত থকা ৫জনকৈ লোক। মহাৰাষ্ট্ৰৰ নাচিকৰ ভানিত এখন ইনোভা গাড়ী এখন খাৱৈত ডুব যোৱাৰ ফলত ৫জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। 

মহাৰাষ্ট্ৰৰ সপ্তশ্রুংগী দেৱী মন্দিৰলৈ তীৰ্থযাত্ৰাৰ পৰা উভতি অহাৰ সময়তে এই ঘটনা সংঘটিত হয়। খবৰ অনুসৰি  গণেশ পইণ্টৰ সমীপত গাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই সৰি পৰে পাহৰৰ তললৈ।  তীৰ্থযাত্ৰাৰ পৰা মাতা মন্দিৰলৈ উভতি অহাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

6e0b0efb-0dad-4f3e-9937-fe6459e64537

স্থানীয় বাসিন্দা আৰু দুৰ্যোগ ব্যৱস্থাপনা দলে উদ্ধাৰ  অভিযানত উদ্ধাৰ হয় ৫গৰাকী লোকৰ মৃতদেহ। 

পথ দুৰ্ঘটনা