/asomiyapratidin/media/media_files/2025/04/12/DkOLjE8dwnecrDQJjt08.jpg)
ডিজিটেল ডেস্কঃ ইজৰাইলী ৰাষ্ট্ৰদূত ৰেউভেন আজাৰে তহব্বুৰ ৰাণাৰ ভাৰতলৈ প্ৰত্যৰ্পণৰ বিষয়টোক স্বাগতম জনাইছে। ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম অভিযুক্ত ৰাণাৰ প্ৰত্যৰ্পণৰ বাবে তেওঁ ভাৰত চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে।
উল্লেখ্য যে, মুম্বাই আক্ৰমণত নিহত ব্যক্তিসকলৰ ভিতৰত কেইবাজনো ইজৰাইলী নাগৰিক আছিল। এক ভিডিঅ’ বাৰ্তাত ৰাষ্ট্ৰদূত আজাৰে কয়, “২০০৮ চনৰ মুম্বাই আক্ৰমণৰ এজন দোষীৰ ভাৰতলৈ প্ৰত্যৰ্পণৰ খবৰে আমাক উৎসাহিত কৰিছে। এই ভয়ংকৰ আক্ৰমণত নিৰীহ মানুহৰ জীৱন কাঢ়ি লোৱা হৈছিল। সন্ত্ৰাসবাদীক আইনী প্ৰক্ৰিয়াৰ মাজলৈ অনাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ চেষ্টাৰ বাবে আমি ধন্যবাদ জনাইছো।”
Here's a message from Amb @ReuvenAzar, thanking Govt of India for its efforts in bringing perpetrator of 26/11 Mumbai attacks to justice.
— Israel in India (@IsraelinIndia) April 10, 2025
We welcome this step towards accountability for the horrific attacks that claimed many lives, including Israelis. pic.twitter.com/bbb4SrETs6
তেওঁ এই পদক্ষেপক ন্যায় প্ৰতিষ্ঠাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত কৰিছে। স্মৰ্তব্য, মুম্বাইৰ ২৬/১১ আক্ৰমণত ১৬৬ জন লোকে প্ৰাণ হেৰুৱাইছিল। আহত হৈছিল শতাধিক লোক। এই ঘটনাৰ পৰিকল্পনাৰ সৈতে জড়িত থকাৰ অভিযোগত ৰাণাৰ বিৰুদ্ধে ভাৰতত গোচৰ চলি আছে।
তেওঁৰ প্ৰত্যৰ্পণৰ ফলত এই গোচৰৰ তদন্ত আৰু ন্যায় প্ৰক্ৰিয়া ত্বৰান্বিত হ’ব বুলি আশা কৰা হৈছে। ভাৰত চৰকাৰৰ এই পদক্ষেপে আন্তৰ্জাতিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলাই থকা যুঁজত এক স্থিতিশীল অৱস্থানৰ ইংগিত দিয়ে। ৰাষ্ট্ৰদূত আজাৰে আশা প্ৰকাশ কৰিছে যে এই প্ৰচেষ্টাই ন্যায়ৰ পথ মুকলি কৰিব আৰু ভুক্তভোগীৰ পৰিয়ালবৰ্গক ন্যায় প্ৰদান কৰিব।