ডিজিটেল ডেস্কঃ ছত্তিশগড়ৰ এটা তীখা উদ্যোগত সংঘটিত হৈছে কৰুণ ঘটনা। তীখা উদ্যোগৰ চিমনি খহি পৰাৰ ফলত এই পৰ্যন্ত অতি কমেও ৪ জনকৈ শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। অনানুষ্ঠানিক খবৰ অনুসৰি এই ঘটনাত অতি কমেও ৯ জন শ্ৰমিকে প্ৰাণ হেৰুৱাইছে।
আজি ছত্তিশগড়ৰ মুঙ্গেলী জিলাৰ ছাৰাগাওঁ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে এই ঘটনাৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে।
VIDEO | A chimney collapsed at a steel plant in Mungeli, Chhattisgarh earlier today. Several labourers feared trapped under it. More details awaited.
— Press Trust of India (@PTI_News) January 9, 2025
(Source: Third Party) pic.twitter.com/XI5j4SBEEx
জানিব পৰা মতে শ্ৰমিকসকলে কাম কৰি থকাৰ সময়তে চিমনিৰ এটা অংশ ভাঙি খহি পৰে। ফলত খহি পৰা চিমনিৰ অংশই কেইবাজনো শ্ৰমিকক হেঁচা মাৰি ধৰে আৰু তেওঁলোকক তাতেই আৱদ্ধ হৈ পৰে।
আনহাতে এই ঘটনাত আহত দুজন শ্ৰমিকক ততাতৈয়াকৈ চিকিৎসাৰ বাবে বিলাছপুৰৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। সমান্তৰালকৈ চলি থাকে বাকী আৱদ্ধ শ্ৰমিকসকলকো উদ্ধাৰৰ প্ৰচেষ্টা।
Mungeli, Chhattisgarh: A major accident occurred at the under-construction Kusum plant, where more than 30 people were buried under debris due to the collapse of an under-construction chimney. Police and administrative teams are on the spot, working to rescue the people trapped… pic.twitter.com/qeSf9FMsxZ
— IANS (@ians_india) January 9, 2025
জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দি কয় যে, প্ৰায় ৩ ৰ পৰা ৪ জন শ্ৰমিক এতিয়াও চিমনিৰ খহি পৰা অংশৰ তলত আৱদ্ধ হৈ আছে। তেওঁলোকক উদ্ধাৰৰ অভিযান চলি আছে।
তেওঁ জনোৱা মতে উদ্ধাৰ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছতহে এই ঘটনাৰ মুঠ হতাহতিৰ সংখ্যা কিমান সেয়া স্পষ্ট হ’ব।
আনহাতে জিলাখনৰ আয়ুক্ত ৰাহুল দেৱে জনোৱা অনুসৰি উদ্ধাৰকাৰ্যত এন ডি আৰ এফ বাহিনী নিয়োগ কৰা হৈছে।
সমান্তৰালকৈ এছ ডি আৰ এফ বাহিনীয়েও উদ্ধাৰ কাৰ্য চলাই আছে। জানিব পৰা মতে ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে উদ্যোগটোৰ অন্যান্য শ্ৰমিকৰ সৈতে প্ৰাৰম্ভিক উদ্ধাৰকাৰ্যত জপিয়াই পৰে। স্থানীয় ৰাইজে উদ্ধাৰকাৰী এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীকো পূৰ্ণ সহযোগিতা আগবঢ়াইছে।