/asomiyapratidin/media/media_files/2025/04/09/lU1ppkIEUc77Zz9VS5EG.jpg)
ডিজিটেল ডেস্কঃ দক্ষতা বিকাশ আৰু উদ্যোগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ ) আৰু শিক্ষা বিভগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে শিক্ষাৰ সৈতে খেলৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰাৰ লগতে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত শিশুক অধ্যয়নৰ সমান্তৰালকৈ খেলৰ ক্ষেত্ৰতো আগবঢ়াই নিয়াৰ পৰিকল্পনা ব্যাখ্যা কৰিছে।
তেওঁ কয়, প্ৰতিটো শিশুৰে নিজা প্ৰতিভা থাকে। সেয়া কেতিয়াবা স্পষ্ট হয় অথবা প্ৰায়ে সুপ্ত হৈ থাকে। যদি এই প্ৰতিভাৰ যথাযত লালন-পালন কৰা হয় তেন্তে সেই শিশু সময়ত বহু উপনীত হোৱাত সহায় কৰিব পাৰে। তথাপিও এই প্ৰতিভা প্ৰায়ে নেদেখাকৈয়ে থাকি যায়। বিশেষকৈ ক্ৰীড়াৰ ক্ষেত্ৰত।
কল্পনা কৰকচোন, ভাৰতৰ দৌৰিব, জপিয়াই বা বলত কিক মাৰি ভাল পোৱা, শ্বট পুট নিক্ষেপ কৰা, দবা খেলি ভাল পোৱা প্ৰতিটো শিশুক যদি সেয়া তেওঁলোকৰ ভুল বুলি নাভাবি সেইবোৰ কাৰ্যত ভৱিষ্যতৰ সম্ভাৱ্য চেম্পিয়ন হিচাপে দেখা চালেহয়? তেনে নিশ্চয় বিশ্ব প্ৰতিযোগিতামূলক ক্ৰীড়াত ভাৰতৰ প্ৰদৰ্শনে সম্ভাৱনা আৰু বাস্তৱৰ মাজত এক উল্লেখযোগ্য ব্যৱধান উজ্জ্বল কৰি তুলিলে হয়।
১৪ বিলিয়নতকৈ অধিক লোকৰ সৈতে বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হোৱাৰ পিছতো অলিম্পিকৰ দৰে ডাঙৰ ইভেণ্টত আমাৰ পদকৰ সংখ্যা চকুতলগাকৈ হ্ৰায় হৈয়ে আছে। পি ভি সিন্ধু, নীৰজ চোপ্ৰা, মীৰাবঈ চানু আৰু ২০২৪ ৰ পেৰা অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী প্ৰৱীণ কুমাৰ আদি খেলুৱৈয়ে বিশ্বত নিজৰ সুকিয়া স্থান গঢ়িবলৈ সক্ষম হ’লেও ভাৰতৰ ক্ৰীড়া ব্যৱস্থা এতিয়াও নানা সমস্যাত জৰ্জৰিত। সমাজৰ দৃষ্টিভংগী, সীমিত আন্তঃগাঁথনি, আৰু পাঠ্যপুথিৰ সৈতে খেলৰ সংহতিৰ অভাৱেই ইয়াৰ মূল কাৰণ।
শাৰীৰিক-মানসিক সু-স্বাস্থ্যৰ বাবে খেলধুলাৰ গুৰুত্ব অপৰিসীম। কিন্তু আমাৰ সমাজৰ ধাৰণা অনুসৰি শিক্ষাই হৈছে একমাত্ৰ সফলতাৰ মাধ্যম। দৰিদ্ৰ্যতাৰ সৈতে সংগ্ৰাম কৰি থকা পৰিয়ালৰ বাবে খেলৰ পিছত দৌৰি ফুৰা যেন এক বিলাসিতা।
খেলুৱৈ হোৱাৰ আশা কৰিও শিশুৱে বহু সময়ত পঢ়া-শালিৰ পৰা বিচ্ছিন্ন হ’বলগীয়া হয়। যাৰ ফলত খেলত সফল নহ’লে তেওঁলোকৰ জীৱনত অন্য পথ বন্ধ হৈ পৰে। এই প্ৰেক্ষাপটত এক নতুন দৃষ্টিভংগীৰ আৱশ্যকতা দেখা গৈছে, যি দৃষ্টিভংগীত খেলৰ সৈতে শিক্ষাক একে গুৰুত্ব দিয়া হ’ব।
কল্পনা কৰক—যদি ভাৰতত এনে আবাসিক বিদ্যালয়ৰ বিস্তাৰিত হয় য’ত খেলক কেন্দ্ৰ কৰি পাঠ্যক্ৰম গঢ়ি তোলা হ’ব! এই বিদ্যালয়সমূহত শিক্ষাৰ সৈতে একেলগে শিশুৱে নিজৰ প্ৰিয় খেলেতো উন্নতি কৰিব পাৰিব।
ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ কৰি বহুত খেলৰ আধাৰভিত্তিক প্ৰশিক্ষণ দিয়া হ’ব—য’ত দেহৰ শক্তি, ফুৰ্তি আৰু সমন্বয়ত গুৰুত্ব দিয়া হ’ব। নবম শ্ৰেণীৰ পৰা বৈজ্ঞানিক মূল্যাংকনৰ আধাৰত বিশেষীকৰণ আৰম্ভ হ’ব। এই পাঠ্যক্ৰম NEP-2020 ৰ সৈতে সংহত হৈ, খেল বিজ্ঞান আৰু সাধাৰণ বিষয়সমূহৰ মিশ্ৰণ হ’ব। যেনে, পদাৰ্থ বিজ্ঞান শিকোঁতে জ্যাভেলিন থ্ৰ’ৰ গতি-বিজ্ঞান অধ্যয়ন কৰা আদি।
এই বিদ্যালয়সমূহত অলিম্পিক মানদণ্ডৰ ট্রেক, বায়োমেকানিক্স লেব, পুষ্টি কেন্দ্ৰ আদি থাকিব। অঞ্চলভেদে খেলৰ ক্ষেত্ৰ নিৰ্ধাৰণ কৰা হ’ব—যেনে, হাৰিয়ানাত কুস্তি, উত্তৰ-পূৰ্বাঞ্চলত ফুটবল আদিত গুৰুত্ব দিয়া হ’ব। গ্ৰামাঞ্চল আৰু অৱহেলিত পৰিৱেশৰ প্রতিভা চিনাক্ত কৰিবলৈ ৰাষ্ট্ৰীয় টেলেন্ট স্কাউটিং কেম্পৰ দ্বাৰা ভর্তি প্ৰক্ৰিয়া চলিব।
এই ধৰণৰ ব্যৱস্থাই মাথোঁ পদক লাভ নহয়, এটি সুস্থ, আত্মবিশ্বাসী আৰু সম্পূৰ্ণ জাতি গঢ়ি তুলিব পাৰে।