যুদ্ধৰ প্ৰস্তুতিঃ ৭ মে'ত সকলো ৰাজ্যতে সুৰক্ষা মকড্ৰিলৰ নিৰ্দেশ

পেহেলগামৰ আক্ৰমণৰ পিছত পাকিস্তানৰ সৈতে সৃষ্টি হোৱা যুদ্ধ উত্তেজনাৰ মাজতে জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্ৰস্তুতি চলাবলৈ ৰাজ্যসমূহলৈ যুদ্ধ অনুশীলন চলোৱাৰ নিৰ্দেশ দিছে।

author-image
Tushar Pratim
New Update
যুদ্ধৰ প্ৰস্তুতিঃ ৭ মে'ত সকলো ৰাজ্যতে সুৰক্ষা মকড্ৰিলৰ নিৰ্দেশ

ডিজিটেল ডেস্কঃ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ সৈতে সৃষ্টি হোৱা যুদ্ধ উত্তেজনাৰ মাজতে জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্ৰস্তুতি চলাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ ৰাজ্যসমূহলৈ যুদ্ধ অনুশীলন চলোৱাৰ নিৰ্দেশ দিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এক নিৰ্দেশনা অনুসৰি সকলো ৰাজ্যকে অহা ৭ মে’ বুধবাৰে এই অনুশীলন চলাবলৈ কোৱা হৈছে।

Advertisment

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা সপ্তাহত স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। বিভিন্ন চৰকাৰী সূত্ৰই দাবী কৰা অনুসৰি প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণৰ প্ৰস্তুতিৰ বাবে প্ৰতিৰক্ষা বৈঠক অনুষ্ঠিত কৰিছিল। 

তাৰ পিছতে এতিয়া অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্যসমূহলৈ এই অনুশীলন চলাবলৈ নিৰ্দেশ দিছে। গৃহ মন্ত্ৰালয়ে বিমান আক্ৰমণৰ সতৰ্কবাণী হিচাপে চাইৰেন ব্যৱস্থা সক্ৰিয় কৰা, নাগৰিকক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত সাধাৰণ জনতা বিশেষকৈ ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰি তুলিবলৈ সুৰক্ষামূলক ব্যৱস্থাৰ প্ৰশিক্ষণ, হঠাতে ব্লেকআউট হ’লে কি কৰিব, জৰুৰীকালীন পৰিস্থিতিত কেনেকৈ দ্ৰুত উদ্ধাৰ অভিযান চলাব আদি বিষয়ৰ ওপৰত অনুশীলন চলাবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে, দেওবাৰে নিশা ৯ বজাত পঞ্জাৱৰ ফিৰোজপুৰ কেণ্টনমেণ্টৰ সকলো লাইট বন্ধ কৰি সেনাই ‘ব্লেকআউট ড্ৰিল’ চলাইছিল। এনে সময়ছোৱাত দূৰৰ পৰা দেখা পোৱা কোনো ধৰণৰ লাইট বা তেনে ধৰণৰ পোহৰ ব্যৱহাৰ নকৰিবলৈ স্থানীয় বাসিন্দাসকলক আগতীয়াকৈ সকীয়াই দিয়া দিছে।

সাধাৰণতে যুদ্ধৰ সময়ত শত্ৰুক পৰা ৰক্ষা পাবলৈ বা শত্ৰুৰ বায়ুসেনাক বিভ্ৰান্ত কৰিবলৈ লাইট বন্ধ কৰি বৃহৎ অঞ্চল ব্লেকআউট কৰা হয়। ইতিমধ্যে যোৱা ২২ এপ্ৰিলৰ পৰা সীমান্ত অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে। দেওবাৰে নিশা ‘ব্লেকআউট’ ড্ৰিলৰ পিছত বাসিন্দাসকল স্বাভাৱিকতে অধিক সতৰ্ক হৈ পৰিছে।

পেহেলগাম কাণ্ডৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে কেৱল সন্ত্ৰাসবাদীকে নহয়, সন্ত্ৰাসবাদক সমৰ্থন কৰাসকলকো চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান কৰিছে। সমান্তৰালকৈ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি দৃঢ় প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও আশ্বাস দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও। 

দেওবাৰে দিল্লীত এক অনুষ্ঠানত ৰাজনাথ সিঙে কয় যে, মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আপোনালোকে যি বিচাৰিছে সেয়া নিশ্চিতভাৱে হ'ব।" তেওঁ লগতে দাবী কৰে যে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে পেহেলগাম আক্ৰমণক তীব্ৰ প্ৰত্যুত্তৰ দিয়াটো তেওঁৰ দায়িত্ব।

 

যুদ্ধ পেহেলগাম পাকিস্তান