/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/covid.jpg)
ডিজিটেল ডেস্ক : দেশত কোৰোনা সংক্ৰমন বৃদ্ধি হৈছে । কোৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণো বৈঠক খনত উপস্থিত আছিল । দেশৰ কিছুমান ৰাজ্য বিশেষকৈ মহাৰাষ্ট্ৰ আৰু কেৰালাত শেহতীয়াকৈ কৰোনাৰ ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বৈঠকখন আহ্বান কৰা হয়।
ইফালে কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱা বাবে মহাৰাষ্ট্ৰৰ কেইখন মান চহৰত নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে । আনহাতে কোৰোনাৰ সংক্ৰমন বৃদ্ধিৰ বাবে মুম্বাইত পুনৰ লকডাউনৰ সম্ভাৱনা আছে । কোৰোনাৰ সংক্ৰমন বৃদ্ধিৰ বাবে সকলো জনসাধৰণক মাক্স পৰিধান কৰাৰ আহ্বান জনাই । এই ক্ষেত্ৰত জিলা প্ৰশাসনেও বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ।দেশত কোৰোনাৰ আক্ৰান্তৰ সংখ্যা প্ৰায় ১০ হাজাৰলৈ বৃদ্ধি হৈছিল যদিও বৰ্তমান দৈনিক প্ৰায় ১৩-১৪ হাজাৰ লোক কোৰোনাত আক্ৰান্ত হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us