/asomiyapratidin/media/media_files/2025/01/29/ytBOPmWUJpf2MbwILpiS.jpg)
ডিজিটেল ডেস্কঃ মহাকুম্ভ মেলাত অমৃত স্নান কৰিবলৈ সমাগম হোৱা কোটি কোটি ভক্তৰ মাজত হোৱা হতাহতিত পদপিষ্ট হৈ বহু লোকে প্ৰাণ হেৰুওৱাৰ খবৰ পোৱা গৈছে। এই ঘটনাত প্ৰকৃততে কিমান লোকে প্ৰাণ হেৰুৱালে সেয়া জানিব পৰা হোৱা নাই যদিও মৃতকৰ সংখ্যা যে, কোনো কাৰণতে কম নহয় সেয়া স্পষ্ট হৈছে। একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই ঘটনাত ১০ ৰ পৰা ১৫ জন ব্যক্তিৰ মৃত্যু হৈছে বুলি বাতৰি প্ৰকাশ কৰিছে যদিও মৃতকৰ সংখ্যা ইয়াতকৈ কেইবাগুণ বেছি হোৱাৰে সম্ভাৱনা প্ৰৱল। আনহাতে আহতৰ সংখ্যাও শতকৰ ঘৰত বুলি জানিব পৰা গৈছে।
বুধবাৰে মৌনী অমাবস্যা উপলক্ষে ত্ৰিবেণী সংগমত অমৃত স্নান কৰিবলৈ ৮ ৰ পৰা ১০ কোটি ভক্তৰ সমাগম হৈছে। পুৱা ৬ বজালৈকে ১.৫ কোটিৰো অধিক লোকে স্নান কৰিছে। কিন্তু এনে বৃহৎ সমাগমৰ পূৰ্বানুমান বহু আগতেই কৰা হৈছিল যদিও মহা কুম্ভ মেলাস্থলীত পৰ্যাপ্ত ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হৈছে। আজিৰ এই পদপিষ্টৰ ঘটনাৰ পাছতে উত্তৰ প্ৰদেশৰ আদিত্য নাথৰ চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে বিৰোধীয়ে।
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে এই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে এক্সত লিখিছে, "মহাকুম্ভৰ সময়ত তিৰ্ঘাৰাজ সংগম ঘাটত সংঘটিত পদপিষ্টৰ ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাইছে। বহুতো লোক আঘাতপ্ৰাপ্ত হৈছে। এই বাতৰি হৃদয়বিদাৰক। মৃতকৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা। মই আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।"
খাৰ্গেয়ে মহাকুম্ভৰ পৰিচালনা ব্যৱস্থাক সমালোচনা কৰি আৰু লিখিছে, "আধৰুৱা, অসম্পূৰ্ণ ব্যৱস্থাপনা, ভিআইপিক অগ্ৰাধিকাৰ দিয়া আৰু পৰ্যাপ্ত ব্যৱস্থাপনাৰ পৰিৱৰ্তে আত্ম-প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়াটো হৈছে এই দুৰ্ঘটনাৰ আঁৰৰ কাৰণ।"
তেওঁ কয়, হাজাৰ হাজাৰ কোটি টকা খৰচ কৰাৰ পাছতো, এনে ব্যৱস্থাপনা যথেষ্ট নিন্দনীয়। এতিয়াও ৰাজকীয় স্নান বাকী আছে। কেন্দ্ৰ আৰু ৰাজ্যই অন্ততঃ এইবাৰ অৱগত হোৱা উচিত। আমি এনে ধৰণৰ অপ্ৰীতিকৰ ঘটনা পুনৰ সংঘটিত হোৱাৰ পৰা প্ৰতিহত কৰিবলৈ চেষ্টা কৰিব লাগিব। তীৰ্থযাত্ৰীসকলৰ বাবে বাসস্থান, খাদ্য, চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব।"
महाकुंभ के दौरान, तीर्थराज संगम के तट पर हुई भगदड़ से कई लोगों की जान गई है और अनेकों लोगों के घायल होने का समाचार बेहद हृदयविदारक है।
— Mallikarjun Kharge (@kharge) January 29, 2025
श्रद्धालुओं के परिजनों के प्रति हमारी गहरी संवेदनाएँ और घायलों की शीघ्रातिशीघ्र स्वास्थ्य लाभ की हम कामना करते हैं।
आधी अधूरी व्यवस्था,…
উল্লেখ্য যে, উত্তৰ প্ৰদেশ চৰকাৰৰ মতে, এই বছৰৰ মহাকুম্ভ আয়োজন কৰিবলৈ প্ৰায় ছয় হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। এই ধন ক’ত ব্যয় কৰা হৈছে সেই বিষয়েও প্ৰশ্ন তুলিছে খাৰ্গেয়ে। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱেও এক্সত এই ঘটনাত শোক প্ৰকাশ কৰি আদিত্য নাথৰ চৰকাৰক সমালোচনা কৰিছে।
তেওঁ এক্সত লিখিছে, "মহাকুম্ভলৈ অহা সাধু আৰু তীৰ্থযাত্ৰীসকলৰ আস্থা পুনৰুদ্ধাৰ কৰিবলৈ, মানেলা প্ৰাণথানৰ দায়িত্ব তৎক্ষণাৎ সেনাক হস্তান্তৰ কৰা উচিত।" ইয়াত বিশ্বমানৰ ব্যৱস্থাপনা কৰা হৈছে বুলি ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছিল। কিন্তু সত্য কি সেয়া সকলোৰে সন্মুখত ওলাই পৰিছে। যিসকলে অপপ্ৰচাৰ কৰিছিল, অসত্য প্ৰচাৰ কৰিছিল, তেওঁলোকে মহাকুম্ভত হোৱা পদপিষ্টৰ ঘটনাৰ দায়িত্ব ল'ব লাগিব। আপুনি পদত্যাগ কৰিব লাগিব।"
महाकुंभ में आए संत समाज और श्रद्धालुओं में व्यवस्था के प्रति पुनर्विश्वास जगाने के लिए ये आवश्यक है कि उप्र शासन-प्रशासन के स्थान पर महाकुंभ का प्रशासन और प्रबंधन तत्काल सेना को सौंप देना चाहिए।
— Akhilesh Yadav (@yadavakhilesh) January 29, 2025
‘विश्वस्तरीय व्यवस्था’ करने के प्रचार करते हुए दावों की सच्चाई अब जब सबके सामने आ…
আনহাতে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে এক্সত এই ঘটনাত দুখ প্ৰকাশ কৰি কয়,"প্ৰয়াগৰাজৰ মহাকুম্ভত পদপিষ্ট হোৱা লোকৰ মৃত্যু আৰু আঘাত অত্যন্ত দুখজনক। শোকসন্তপ্ত পৰিয়াললৈ মোৰ গভীৰ সমবেদনা। মই আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। এই দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে কেৱল দুৰ্বল ব্যৱস্থাই দায়ী নহয়, সাধাৰণ তীৰ্থযাত্ৰীতকৈ ভিআইপিসকলক অগ্ৰাধিকাৰ দিয়াৰ প্ৰথাও সমানে দায়ী। মহাকুম্ভ এতিয়াও চলি থাকিব, আৰু মহা স্নান আছে। ৰাজ্য চৰকাৰে পৰিচালনা ব্যৱস্থাক সংশোধন কৰিব লাগিব যাতে এনেকুৱা ঘটনা পুনৰ নহয়।"
प्रयागराज महाकुंभ में भगदड़ के कारण कई लोगों के मौत और कईयों के घायल होने की ख़बर अत्यंत दुखद है।
— Rahul Gandhi (@RahulGandhi) January 29, 2025
शोकाकुल परिवारों के प्रति अपनी गहरी संवेदनाएं व्यक्त करता हूं और घायलों के शीघ्र स्वस्थ होने की आशा करता हूं।
इस दुखद घटना के लिए कुप्रबंधन, बदइंतजामी और आम श्रद्धालुओं की जगह VIP…