মহাকুম্ভ মেলাঃ উত্তৰ প্ৰদেশে ব্যয় কৰিছিল ৭৫০০ কোটি, ব্যৱসায় হ'ল ৩ লাখ কোটিৰ, CAIT ৰ দাবী

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। হিন্দু ধৰ্মীয় লোকৰ লগতে দেশ, বিদেশৰ কোটি কোটি ভক্তৰ আগমণ হোৱা মেলাৰ পৰা উত্তৰ প্ৰদেশ আৰ্থিক ভাৱেও যথেষ্ট লাভাম্বিত হৈছে।

author-image
Asomiya Pratidin
New Update
মহাকুম্ভ মেলাঃ উত্তৰ প্ৰদেশে ব্যয় কৰিছিল ৭৫০০ কোটি, ব্যৱসায় হ'ল ৩ লাখ কোটিৰ, CAIT ৰ দাবী

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। হিন্দু ধৰ্মীয় লোকৰ লগতে দেশ, বিদেশৰ কোটি কোটি ভক্তৰ আগমণ হোৱা এই কুম্ভ মেলাৰ পৰা উত্তৰ প্ৰদেশ আৰ্থিক ভাৱেও যথেষ্ট লাভাম্বিত হৈছে। মহা কুম্ভ মেলাৰ পৰা এই পৰ্যন্ত ৩ লাখ কোটিতকৈ অধিক ব্যৱসায় হোৱা বুলি অনুমান কৰা হৈছে। 

Advertisment

সেয়ে মহাকুম্ভ মেলাক ভাৰতৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক অনুষ্ঠান হিচাপেও গণ্য কৰা হৈছে বুলি কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (চি এ আই টি)ৰ সচিব প্ৰধান প্ৰবীণ খাণ্ডেলৱালে জনাইছে। উল্লেখ্য যে, ১৪৪ বছৰৰ পাছত যোৱা ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হবলগীয়া এই মহাকুম্ভ মেলাত বিশ্বৰ সৰ্ববৃহৎ মানৱ সমাবেশ হোৱা বুলিও অনুমান কৰা হৈছে। এনে সমাবেশে, ধৰ্মীয় বিশ্বাস আৰু অৰ্থনীতিৰ সৈতে এক সংযোগ স্থাপন কৰা বুলিও প্ৰবীণ খাণ্ডেলৱালে উল্লেখ কৰিছে।

মহাকুম্ভ মেলা উপলক্ষে ডায়েৰী, কেলেণ্ডাৰ, পাটৰ বেগ, ষ্টেচনাৰীৰ দৰে সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে আৰু স্থানীয় বাণিজ্যক বৃদ্ধি কৰিছে। এনে বহু স্থানীয় সামগ্ৰী নিখুঁত ব্ৰেণ্ডিঙৰ বাবেও বিক্ৰী বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে।

খাণ্ডেলৱালে উল্লেখ কৰা মতে মহাকুম্ভ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাৰম্ভিক হিচাপ অনুসৰি ৪০ কোটি লোকৰ আগমন আৰু প্ৰায় ২ লাখ কোটি টকাৰ ব্যৱসায়িক লেনদেন হোৱাৰ অনুমান কৰা হৈছিল। কিন্তু সমগ্ৰ দেশতে অভূতপূৰ্ব উৎসাহৰ পৰিপ্ৰেক্ষিতত এতিয়া ২৬ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰায় ৬০ কোটি লোকে মহাকুম্ভত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছেফলত ইয়াত ৩ লাখ কোটিতকৈ অধিক ব্যৱসায়িক লেনদেন হোৱাৰো অনুমান কৰা হৈছে।

ইয়াৰ দ্বাৰা উত্তৰ প্ৰদেশৰ অৰ্থনীতি যথেষ্ট উত্থান হোৱাৰ লগতে নতুন ব্যৱসায়িক সুযোগৰো সৃষ্টি হৈছে। মহাকুম্ভৰ অৰ্থনৈতিক প্ৰভাৱৰ ওপৰত আলোকপাত কৰি খাণ্ডেলৱালে উল্লেখ কৰে, ব্যৱসায়িক খণ্ডত আতিথ্য আৰু থকাৰ ব্যৱস্থাকে ধৰি বৃহৎ পৰিসৰৰ অৰ্থনৈতিক কাৰ্যকলাপৰ সাক্ষী হৈছে। তাৰোপৰি খাদ্য আৰু পানীয় খণ্ড, পৰিবহণ আৰু লজিষ্টিক,  ধৰ্মীয় সাজ-পোছাক, পূজা সমগ্ৰী, হস্তশিল্প, বস্ত্ৰ, পোছাক আৰু অন্যান্য গ্ৰাহক সামগ্ৰী, স্বাস্থ্যসেৱা আৰু সুস্থতা সেৱা, সংবাদ মাধ্যম, বিজ্ঞাপন আৰু মনোৰঞ্জন,  নাগৰিক সেৱা, টেলিকম, মোবাইল, এ আই-ভিত্তিক প্ৰযুক্তি, চিচিটিভি কেমেৰা, আৰু অন্যান্য সঁজুলিৰ ব্যৱসায় বৃদ্ধি পাইছে।

খাণ্ডেলৱালে আৰু আঙুলিয়াই দিয়ে যে, মহাকুম্ভৰ অৰ্থনৈতিক লাভ কেৱল প্ৰয়াগৰাজতে সীমাবদ্ধ নহয়। ১৫০ কিলোমিটাৰ ব্যাসাৰ্ধৰ চহৰ আৰু নগৰসমূহেও ব্যৱসায়িক ক্ষেত্ৰত উল্লেখযোগ্য উত্থান ঘটাইছেযাৰ ফলত স্থানীয় অৰ্থনীতি শক্তিশালী হৈছে।

ইয়াৰ উপৰিও অযোধ্যা, বাৰাণসী, আৰু অন্যান্য ধৰ্মীয় গন্তব্যস্থানত তীৰ্থযাত্ৰীৰ ভ্ৰমণ বৃদ্ধি পাইছে। কিয়নো ভক্তসকলে অযোধ্যাত ভগৱান ৰাম, বাৰাণসীত ভগৱান শিৱ আৰু ওচৰৰ জিলাসমূহত আন আন তীৰ্থ স্থান দৰ্শন আৰু পূজাৰ বাবে যাত্ৰা কৰিছে। ইয়াৰ ফলত এই অঞ্চলসমূহত ব্যাপক অৰ্থনৈতিক কাৰ্যকলাপত অধিক ইন্ধন যোগাইছে।

দিল্লীৰ সাংসদগৰাকীয়ে কয় যে, মহাকুম্ভই ভাৰতৰ বাণিজ্য আৰু সাংস্কৃতিক পৰিৱেশক ইতিবাচকভাৱে গঢ় দিববছৰ বছৰ ধৰি এক নতুন অৰ্থনৈতিক মাপকাঠী স্থাপন কৰিব বুলি আশা কৰা হৈছে। মহাকুম্ভৰ পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰে প্ৰয়াগৰাজৰ আন্তঃগাঁথনি-উৰণীয়া সেতু, পথ আদি নিৰ্মাণ তথা উন্নয়ৰ বাবে ব্যয় কৰিছে ৭৫০০ কোটি টকা ব্যয় কৰিছে

উত্তৰ প্ৰদেশ মহাকুম্ভ মেলা