/asomiyapratidin/media/media_files/2024/12/16/UR14vKTcmgOVMHrEMiJT.jpg)
ডিজিটেল ডেস্কঃ দক্ষিণ এছিয়াত ক্ৰমাৎ দুৰ্বল হৈ আহিছে ভাৰতৰ বৈদেশীক নীতি। ইতিমধ্যে দক্ষিণ এছিয়াৰ কেইবাখনো ৰাষ্ট্ৰই ভাৰতৰ বিৰোধীস্থিতি মুকলিকৈ লোৱা পৰিলক্ষিত হৈছে। তাৰ মাজতেই ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকা পৰিস্থিতিত পৰি পুনৰ ভাৰতৰ সৈতে ঘনিষ্ঠ হৈ পৰাৰ চেষ্টা অব্যাহত ৰাখিছে শ্ৰীলংকাই।
ভাৰতেও দক্ষিণ এছিয়াৰ পৰিবৰ্তিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই শ্ৰীলংকাক সন্মানসহ মিত্ৰৰাষ্ট্ৰ মৰ্যাদা দিছে। এনে সৌহাদ্যপূৰ্ণ পৰিস্থিতিৰ মাজতে আজি শ্ৰীলংকাৰ মাটি ভাৰত বিৰোধী শক্তিক ব্যৱহাৰ কৰিবলৈ নিদিয়াৰ অংগীকাৰ কৰিলে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে।
আজি দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক বৈঠকত বহে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকী। এই বৈঠকৰ সময়তে তেওঁ শ্ৰীলংকাৰ ভূমিক কোনো ভাৰত বিৰোধী শক্তিক ব্যৱহাৰ কৰিবলৈ নিদিয়ে বুলি আশ্বাস প্ৰদান কৰিছে।
বাওঁপন্থী মিত্ৰজোঁট নেচনেল পিপলছ পাৱাৰ (এন পি পি)ৰ নেতা অনুৰা কুমাৰা দিশানায়কে যোৱা ২৩ ছেপ্টেম্বৰত শ্ৰীলংকাৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। তেওঁৰ দল জনতা বিমুক্তি পেৰুমনা (জেভিপি) শ্ৰীলংকাৰ ৰাজনীতিত চীনাপন্থী হিচাপে পৰিচিত।
এই দলটোৰে প্ৰতিষ্ঠাপক আছিল ৰোহন উইজেভৰা। তেওঁ ৮০ ৰ দশকত নতুন দিল্লীক শ্ৰীলংকাৰ অন্যতম প্ৰধান শত্ৰু হিচাপে আখ্যা দিছিল। শেহতীয়াকৈ শ্ৰীলংকাত যি পৰিস্থিতি হ’ল সেই পৰিস্থিতিৰ অন্তৰালত চীনৰো ষড়যন্ত্ৰৰ উমান পাইছিল ভিন্ন মহলে।
শ্ৰীলংকাৰ আভ্যন্তৰীণ অস্থিৰ পৰিস্থিতিৰ মাজতে দেশখনৰ বন্দৰত থিতাপি লৈছিল চীনৰ গুপ্তচৰ জাহাজে। কিন্তু এতিয়াৰে পৰা শ্ৰীলংকাৰ ভূমি চীনৰ দৰে ভাৰত বিৰোধী শক্তিয়ে ব্যৱহাৰ কৰিব নোৱাৰে বুলি কথা দিছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে।
অৱশ্যে ইয়াৰ অন্তৰালত কাৰণ নথকাও নহয়। শ্ৰীলংকাৰ বিপদৰ সময়ত চীনে তাৰ সুবিধা আদায় কৰাৰ বিপৰীতে ভাৰতে সকলো দিশ পাহৰি মানৱীয় সাহায্য আগবঢ়াইছিল। ভাৰতৰ এই সাহায্যৰ বিষয়ে পাহৰি যোৱা নাই দেশখনে।
সোমবাৰে বৈঠকৰ পাছত দ্বীপৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে কয়, আজি কিছু দ্বিপাক্ষীক বিষয়ত আলোচনা কৰো। মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শ্ৰীলংকা ভ্ৰমণৰ বাবে আমন্ত্ৰণো জনাইছো। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক আশ্বাস দিছো আমাৰ দেশৰ ভূমি এনে কোনো শক্তিক ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব যি ভাৰতৰ স্বাৰ্থৰ পৰিপন্থী।
Today’s talks with President Anura Kumara Dissanayake covered topics such as trade, investment, connectivity and energy. Our nations also look forward to collaborating in sectors such as housing, agriculture, dairy and fisheries. @anuradisanayake pic.twitter.com/vdKC4Um32o
— Narendra Modi (@narendramodi) December 16, 2024