ন ৰূপত জিলিকিছে 'কেশৱ কুঞ্জ' : যেন কৰ্পোৰেটৰহে কাৰ্যালয়...

কৰ্পোৰেট কাৰ্যালয়তকৈ কোনো গুণে কম  নহয় আৰ এছ এছৰ নতুন কাৰ্যালয় কেশৱ কু়ঞ্জ। শেহতীয়াকৈ নতুন দিল্লীত উদ্বোধন কৰা হৈছে আৰ এছ এছৰ পুনৰ নিৰ্মাণ কৰা কাৰ্যালয়টো।

author-image
Asomiya Pratidin
New Update
ন ৰূপত জিলিকিছে 'কেশৱ কুঞ্জ' : যেন কৰ্পোৰেটৰহে কাৰ্যালয়...

ডিজিটেল ডেস্কঃ কৰ্পোৰেট কাৰ্যালয়তকৈ কোনো গুণে কম  নহয় ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ নতুন কাৰ্যালয় কেশৱ কু়ঞ্জ। শেহতীয়াকৈ নতুন দিল্লীত উদ্বোধন কৰা হৈছে আৰ এছ এছৰ পুনৰ নিৰ্মাণ কৰা কাৰ্যালয়টো। এই কাৰ্যালয়টোত আছে ১৩ মহলীয়া তিনিটা টাৱাৰ।

এই টাৱাৰ তিনিটাত নাই কি? ইয়াত এটা কাৰ্যালয়ত থাকিবলগীয়া সকলো সুবিধা থকাৰ উপৰিও আছে হাস্পতাল, হনুমান মন্দিৰ, একাধিক বিশাল সভাগৃহ, পুথিভঁৰালৰ উপৰিও আৱাসগৃহ। এই তিনিওটা টাৱাৰে আগুৰি আছে প্ৰায় পাঁচ লাখ বৰ্গফুট ঠাই।

ইয়াত নিৰ্মাণ কৰা হাস্পতালখনত দৰিদ্ৰ লোকসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে। ইয়াৰ পুথিভঁৰাল সকলো লোকৰ বাবেই মুকলি থাকিব। 

তথ্য অনুসৰি এই নতুন কাৰ্যালয় পুনৰ নিৰ্মাণত ব্যয় কৰা হৈছে প্ৰায় ১৫০ কোটি টকা। ইয়াত আছে মুঠ ৩০০ টা কোঠালি। উল্লেখ্য যে, ১৯৬২ চনত দিল্লীত নিৰ্মাণ কৰা হৈছিল আৰ এছ এছৰ এটা দুমহলীয়া এটা কাৰ্যালয়। ইয়াৰ নাম দিয়া হৈছিল 'কেশৱ কুঞ্জ'। 

সুদীৰ্ঘ সময় ধৰি এই কাৰ্যালয়ৰ পৰাই সংঘৰ কাম-কাজ চলি আহিছিল যদিও ৮ বছৰ পূৰ্বে ইয়াক পুনৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়। সেই মতেই ইয়াত দুমহলীয়া অট্টালিকাৰ স্থানত নিৰ্মাণ কৰা হয় ১৩ মহলীয়া তিনিটা টাৱাৰ। এই টাৱাৰ তিনিটাৰ নাম ক্ৰমে সাধনা, প্ৰেৰণা আৰু অৰ্চনা।

কেৱশ কুঞ্জৰ পুনৰ নিৰ্মাণৰ ডিজাইন কৰিছে স্থপত্যবিদ অনুপ দাভেই। আধুনিক প্ৰযুক্তিৰ সমান্তৰালকৈ ইয়াত হিন্দু স্থাপত্য শৈলীৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। ইয়াৰ প্ৰতিটো কোঠাত যাতে সূৰ্যৰ পোহৰ পৰে, বতাহ চলাচল কৰে তাৰ ওপৰতো গুৰুত্ব দিছে। তাৰোপৰি ইয়াত সৌৰশক্তিৰো ব্যৱস্থা কৰা হৈছে।

ইয়াত থকা আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহটোৰ নাম ৰখা হৈছে বিশ্ব হিন্দু পৰিষদৰ নেতা অশোক সিংঘলৰ নামেৰে। এইগৰাকী অশোক সিংঘল ৰাম মন্দিৰ আন্দোলনৰ অন্যতম পৃষ্ঠপোষক আছিল। এই প্ৰেক্ষাগৃহত একেলেগে ৪৫০ গৰাকীৰো অধিক লোকে বহিব পাৰে।

কেশৱ কুঞ্জ নিৰ্মাণৰ বাবে ব্যয় কৰা ধন হিন্দুত্ববাদী সংগঠনটোৰ ৭৫ হাজাৰ স্বয়ংসেৱকৰ পৰা সংগ্ৰহ কৰা হৈছে বুলি আৰ এছ এছ সূত্ৰেই প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে, এই কাৰ্যালয়ৰ পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ সময়ত আৰ এছ এছৰ কাম-কাজ চলাবলৈ আন এটা অট্টালিকা ভাড়াত লোৱা হৈছিল। ২০১৬ ৰ পৰা এই ভাড়াতীয়া কাৰ্যালয়ৰ পৰাই চলি আছিল আৰ এছ এছৰ কাম-কাজ। 

আৰ এছ এছ নতুন দিল্লী