সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ বাৰ্তা বিশ্বলৈ কঢ়িয়াই নিব সাত নেতাৰে গঠিত সৰ্বদলীয় প্ৰতিনিধিৰ দলে...

কেন্দ্ৰীই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি আৰু ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত নতুন দিল্লীৰ বাৰ্তা বিশ্বৰলৈ প্ৰেৰণ কৰিবলৈ এটা সৰ্বদলীয় প্ৰতিনিধি প্ৰেৰণৰ সিদ্ধান্ত লৈছে।

author-image
Tushar Pratim
New Update
সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ বাৰ্তা বিশ্বলৈ কঢ়িয়াই নিব সৰ্বদলীয় প্ৰতিনিধিৰ দলে...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি আৰু ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত নতুন দিল্লীৰ বাৰ্তা বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰিবলৈ এটা সৰ্বদলীয় প্ৰতিনিধি প্ৰেৰণৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে শনিবাৰে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে ৭ জন নেতাৰ নাম ঘোষণা কৰিছে। 

এই ৭ জন নেতাৰ নেতৃত্বত ৭ টা প্ৰতিনিধি দল গঠন কৰা হৈছে। এই সাতটা দলৰ নেতৃত্বত থাকিব শাসক বিৰোধী দলৰ সাংসদ। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে শনিবাৰে এক বিবৃতিত নেতৃত্ববহন কৰিবলগীয়া সাতজন নেতাৰ নাম প্ৰকাশ কৰিছে।

কেন্দ্ৰৰ এই সিদ্ধান্ত সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এক বিবৃতিত উল্লেখ কৰা অনুসৰি সাতটা প্ৰতিনিধি দলৰ নেতাৰ তালিকাত আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ শশী থাৰুৰ, বিজেপিৰ ৰবি শংকৰ প্ৰসাদ, জে ডি ইউৰ সঞ্জয় কুমাৰ ঝা, বিজেপিৰ বৈজয়ন্ত পাণ্ডা। ইয়াৰ উপৰিও তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধি, এন চি পিৰ সুপ্ৰিয়া চুলে আৰু শিৱসেনাৰ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পুত্ৰ শ্ৰীকান্ত সিন্দে, ডি এম কেৰ কাণিমোজি কৰুণানিধিকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰই তৃণমূল লোকসভাৰ নেতা সুদীপ বেনাৰ্জীৰ সৈতে যোগাযোগ কৰিছিল যদিও শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ প্ৰতিনিধি দলৰ অংশ হ’ব নোৱাৰিলে। কেন্দ্ৰেই এই সম্পৰ্কীয় এক বিবৃতিত কয় যে, "অপাৰেচন সিন্দূৰ আৰু ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা যুঁজৰ পৰিপ্ৰেক্ষিতত চলিত মাহৰ শেষৰ ফালে সাতটা সৰ্বদলীয় প্ৰতিনিধি দলে বিভিন্ন দেশলৈ গৈ ভাৰতৰ বাৰ্তা প্ৰেৰণ কৰিব।" 

এই দলটোৱে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য দেশসমূহো ভ্ৰমণ কৰিম। এই দলসমূহে যিকোনো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতিৰ প্ৰচাৰ কৰিব। ভাৰতে কোনো কাৰণতে সন্ত্ৰাসবাদ সহ্য নকৰে, এই ক্ষেত্ৰত ভাৰতৰ নীতি হৈছে 'শূন্য সহনশীলতা'। সেই বাৰ্তা সৰ্বদলীয় প্ৰতিনিধিয়ে দিব।" 

বিবৃতিত ৰিজিজুৱে কয়, “প্ৰয়োজনীয় সময়ত ভাৰতৰ ঐক্যবদ্ধ হৈ থিয় হৈছে।সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ বাৰ্তা লৈ অতি সোনকালে সাতটা সৰ্বদলীয় প্ৰতিনিধি দল ৰাওনা হ’ব। ৰাজনৈতিক পাৰ্থক্যক অতিক্ৰমী এয়া ৰাষ্ট্ৰীয় ঐক্যৰ এক শক্তিশালী চিন।’

উল্লেখ্য যে, ২২ এপ্ৰিলত পেহেলগাম আক্ৰমণৰ পিছতে ভাৰতে একাধিক কূটনৈতিক সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰু্দ্ধে অপাৰেচন সিন্দূৰ নামেৰে এক সামৰিক অভিযানো সম্পূৰ্ণ কৰিলে। এই অভিযানৰ জৰিয়তে ভাৰতীয় সেনাই পাকিস্তানৰ ১১ টা পাকিস্তানী ঘাটি ধ্বংস কৰিলে। 

এইবাৰ ভাৰতে অপাৰেচন সিন্দূৰৰ বাৰ্তা বিশ্বলৈ কঢ়িয়াই নিব। ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে এই বাৰ্তা কঢ়িয়াই নিব। 

নৰেন্দ্ৰ মোডী কিৰেণ ৰিজিজু পেহেলগাম