ঘৰত বাইক ধুই থাকোতে কোব্ৰা কামাণ্ডোৰ জোৱানে মাস্ক পৰিধান নকৰাক লৈ আৰক্ষীৰ প্ৰহাৰ…

ঘৰত বাইক ধুই থাকোতে কোব্ৰা কামাণ্ডোৰ জোৱানে মাস্ক পৰিধান নকৰাক লৈ আৰক্ষীৰ প্ৰহাৰ…

author-image
asomiyapratidin
New Update
ঘৰত বাইক ধুই থাকোতে কোব্ৰা কামাণ্ডোৰ জোৱানে মাস্ক পৰিধান নকৰাক লৈ আৰক্ষীৰ প্ৰহাৰ…

ডিজিটেল ডেস্কঃ লকডাউনৰ সময়ত আৰক্ষীৰ ৰোষৰ পৰা বাচি নগ'ল চি আৰ পি এফ কোব্ৰা কামাণ্ডোৰ জোৱানো। যোৱা দেওবাৰে কৰ্ণাটকৰ য়াকচাম্বা গাঁৱত এগৰাকী কোব্ৰা কামাণ্ডোৰ জোৱানক আৰক্ষীয়ে গুৰুলা-গুৰুলকৈ পিটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, জোৱান জনে পুৱা নিজৰ ঘৰত বাইক ধুই আছিল। তেনে সময়তে পেট্ৰলিঙত যোৱা আৰক্ষীৰ দলে মুখত মাস্ক পৰিধান নকৰাক লৈ জোৱানজনক প্ৰহাৰ কৰাৰ লগতে ঘৰত থকা অৱস্থাৰ পৰাই থানালৈ লৈ আহে।

Advertisment

থানালৈ লৈ অনাৰ পাছত জোৱান গৰাকীৰ হাতত শিকলি লগাই আৰক্ষীয়ে অকথ্য নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন হৈছে। জোৱানগৰাকীয়ে বাৰে বাৰে নিজকে কোব্ৰা কামাণ্ডো বুলি চিনাকি দিয়াৰ পাছতো আৰক্ষীয়ে কোনো কথা গুৰুত্ব নিদিয়াক লৈ চি আৰ পি এফ কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মঙলবাৰে জোৱানগৰাকীৰ জামিন আবেদন আদালতত দাখিল কৰা হ'ব বুলি খবৰ পোৱা গৈছে।