Advertisment

বাবৰি মজজিদৰ ঘটনাত বিজেপি নেতাক ৰেহাই দিয়া ন্যায়াধীশে অৱসৰৰ পিছত নাপাব সুৰক্ষা…

বাবৰি মজজিদৰ ঘটনাত বিজেপি নেতাক ৰেহাই দিয়া ন্যায়াধীশে অৱসৰৰ পিছত নাপাব সুৰক্ষা…

author-image
asomiyapratidin
New Update
বাবৰি মজজিদৰ ঘটনাত বিজেপি নেতাক ৰেহাই দিয়া ন্যায়াধীশে অৱসৰৰ পিছত নাপাব সুৰক্ষা…

ডিজিটেল ডেস্কঃ বাবৰি মজজিদৰ ঘটনাৰ সিদ্ধান্ত দিয়া ন্যায়াধীশক অৱসৰৰ পিছতো সুৰক্ষা প্ৰদানৰ বাবে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে। ন্যায়াধীশ এছকে যাদৱে সুৰক্ষা অটুট ৰাখিবৰ বাবে স্বয়ং শীৰ্ষ আদালতৰ কাষ চাপিছিল যদিও এই আবেদন নাকচ কৰিছিল ন্যায়ালয়ে।

Advertisment

বাবৰি মজজিদৰ ঘটনাত মুৰুলী মনোহৰ যোশী, ওমা ভাৰতীৰ লগতে বহু ডাঙৰ নেতাৰ নাম সাঙুৰ খাই আছিল।উল্লেখযোগ্য যে, ন্যায়াধীশ এছকে যাদৱে  বহু কেইজন বিজেপি নেতাৰ লগতে সকলো অভিযুক্তক ৰেহাই দিয়াৰ সিদ্ধান্ত জাৰি কৰিছিল। আদালতে কয় যে, অৱসৰৰ পিছত সকলো সময়তে সুৰক্ষা দিয়া সম্ভৱ নহয়। এছকে যাদৱ লক্ষ্মৌ বিশেষ ন্যায়ালয়ৰ ন্যায়াধীশ। তেওঁ তেওঁৰ শেষৰটোৰ ঘটনাৰ শুনানিৰ পিছৰ পৰিস্থিতিৰ সংবেদনশীলতাৰ ওপৰত লক্ষ্য ৰাখি এই আবেদন খন দাখিল কৰিছিল।