/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4d0b8d27-51b6-4515-88e1-19fe4f0da2c0/army.jpg)
ডিজিটেল ডেস্ক : ১১ মহীয়া কঠোৰ পৰিশ্ৰমৰ পাছত ভাৰতীয় স্থল সেনাৰ বিষয়া হ'লগৈ লেফটেনেন্ট ৰিগজিন শ্বোৰোল । ইয়াৰ সৈতেই পূৰণ হ'ল লেফটেনেন্ট গৰাকীৰ প্ৰয়াত স্বামী তথা ভাৰতীয় সেনাৰ ৰাইফলমেন ৰিগজিন খাণ্ডাপৰ সপোন । ভাৰতীয় সেনাৰ ১১ মহীয়া প্ৰশিক্ষণৰ অন্তত সুদীৰ্ঘ সময়ৰ মূৰত নিজৰ সন্তানক বোকোছাত তুলি অনুভৱ ব্যক্ত কৰে লেফটেনেন্ট গৰাকীয়ে । লেফটেনেন্ট পদবী লাভ কৰি আনন্দত উৎফুল্লিত হৈ এই সফলতাৰ কৃতিত্ব আগবঢ়াই প্ৰয়াত স্বামীলৈ ।
এই সন্দৰ্ভত লেফটেনেন্ট গৰাকীয়ে প্ৰদান কৰা ভাষ্য অনুসৰি, তেখেতে প্ৰয়াত স্বামীৰ সপোনটো পূৰণ কৰিলে । সুদীৰ্ঘ ১১ মহীয়া হাড়ভঙা পৰিশ্ৰমৰ অন্তত স্বামীয়ে তেখেতক ভাৰতীয় সেনাৰ বিষয়া ৰূপত চাবলৈ বিচৰা সপোনটো পূৰণ কৰি অত্যন্ত সুখী ৰিগজিন শ্বোৰোল । ২০২১ চনৰ ডিছেম্বৰ মাহত প্ৰশিক্ষণ কাৰ্যসূচীত নামভৰ্তি কৰি ২০২২ বৰ্ষৰ ২৮ অক্টোবৰত সমাপ্ত কৰে প্ৰশিক্ষণ ।
উল্লেখ্য যে, তেখেতৰ স্বামী ৰিগজিন খাণ্ডাপ আছিল লাডাখৰ জেদাং চুম্পা বেটেলিয়েনৰ ৰাইফলমেন যি কৰ্তব্যৰত অৱস্থাত দেশৰ হৈ প্ৰাণ আহুতি দিছিল ।
ইয়াৰ ওপৰিও, কেৱল ৰিগজিনেই নহয় বৰং কেডেট হাৰভীন কৌৰেও প্ৰয়াত স্বামীৰ সপোন পূৰণ কৰি ভাৰতীয় সেনাত যোগদান কৰে একেই ১১ মহীয়া কঠোৰ পৰিশ্ৰমৰ অন্তত । হাৰভীন কৌৰৰ স্বামীয়ে সেনাৰ হৈ আত্মবলিদান দিয়াৰ সময়ত জলন্ধৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষয়ত্ৰী ৰূপে কৰ্মৰত আছিল কৌৰ । স্বামীৰ ত্যাগৰ পাছতেই সেনাত নামভৰ্তি কৰিছিল হাৰভীনে । হাৰভীনৰ স্বামীয়ে মেজৰ ৰূপে সেনাত কাৰ্যনিৰ্বাহ কৰি ২০১৯ চনত দেশৰ হৈ ত্যাগ কৰিছিল নিজৰ প্ৰাণ ।