আৰক্ষী, সুৰক্ষা বাহিনী একো নাই তেওঁৰ হাতত, তাৰ পাছতো পেহেলগাম আক্ৰমণৰ বাবে বিচাৰিলে ক্ষমা

জম্মু কাশ্মীৰ বিধানসভাৰ বিশেষ অধিবেশনত পেহেলগাম আক্ৰমণৰ ঘটনাক লৈ আলোচনা। এই আলোচনাতে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কোৱা কথাবোৰে বিশেষ চৰ্চা লাভ কৰিছে।  

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
আৰক্ষী, সুৰক্ষা বাহিনী একো নাই তেওঁৰ হাতত, তাৰ পাছতো দায়িত্ব স্বীকাৰ কৰিলে পেহেলগাম আক্ৰমণৰ

ডিজিটেল ডেস্কঃ তেওঁৰ হাতত নাই আৰক্ষী বাহিনী। তেওঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেনা বাহিনী অথবা অন্যান্য সুৰক্ষা বাহিনীক। তাৰ পাছতো কোনো কোনোৱে দাবী কৰিছে সন্ত্ৰাসবাদীৰ নাৰকীয় ঘটনাক ৰোধ কৰিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক। 

Advertisment

জম্মু কাশ্মীৰৰ প্ৰশাসনীয় ব্যৱস্থাৰ সন্দৰ্ভত জ্ঞান শূন্য একাংশই ৰাজনৈতিক উদ্দেশ্যত সামাজিক মাধ্যমত ইণ্ডিয়া মিত্ৰজোঁটৰ চৰকাৰৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ পদত্যাগ দাবী কৰিছে। অথচ তেওঁৰ অধীনত নাই আৰক্ষী অথবা সেনা বাহিনী।

তাৰ পাছতো অৱশ্যে এই গোটেই ঘটনাৰ দায়িত্ব নিজেই মূৰ পাতি লৈছে ওমৰ আব্দুল্লাই। কাশ্মীৰৰ পেহেলগামৰ এই ঘটনাৰ পাছতে বহুতেই শীঘ্ৰেই জম্মু কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ দাবী উত্থাপন কৰিছে যদিও ওমৰ আব্দুল্লাই কোনো কাৰণতে পেহেলগামৰ ঘটনাৰ আলম লৈ পূৰ্ণ ৰাজ্যৰ দাবী উত্থাপন নকৰে বুলিও স্পষ্ট কৰিছে।

২৮ এপ্ৰিল, সোমবাৰে জম্মু কাশ্মীৰ বিধানসভাৰ বিশেষ অধিবেশনত পেহেলগাম আক্ৰমণৰ ঘটনাক লৈ হৈছিল আলোচনা। এই আলোচনাতে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কোৱা কথাবোৰে বিশেষ চৰ্চা লাভ কৰিছে।  

আজি বিধানসভাত নিজৰ বক্তব্যত ওমৰ আব্দুল্লাই কয়, পেহেলগাম আক্ৰমণে গোটেই দেশকে প্ৰভাৱিত কৰিছে। যোৱা ২১ বছৰত এনে আক্ৰমণ আমি দেখা নাছিলো। আমি আজি নাজানো মৃতকৰ পৰিয়ালক কেনেকৈ সান্তনা দিব লাগে।

তেওঁ কয়, পৰ্যটকসকলক নিৰাপদে ঘূৰাই পঠিওৱা আমাৰ কৰ্তব্য আছিল। কিন্তু সেয়া আমি কৰিব নোৱাৰিলো। ক্ষমা বিচৰাৰ ভাষাও আমাৰ ওচৰত নাই।

বহুতৰ মতে ৩৭০ প্ৰত্যাহাৰৰ পাছত সুদীৰ্ঘ ১০ বছৰৰ পাছত জম্মু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁট জয়ী হৈছিল। তাৰ পাছতেই সন্ত্ৰাসবাদীৰ আক্ৰমণত ৰক্তাক্ত হৈছে কেন্দ্ৰীয় শাসিত এই অঞ্চল।

অথচ কাশ্মীৰৰ আৰক্ষী, সুৰক্ষা বাহিনী, সেনা কাৰো ওপৰতে নিয়ন্ত্ৰণ নাই জম্মু কাশ্মীৰৰ চৰকাৰৰ। তাৰ পাছতো জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে এই গোটেই ব্যৰ্থতাক মানি লৈছে ওমৰ আব্দুল্লাই।

ওমৰ আব্দুল্লাই আৰু কয়, পেহেলগাম আক্ৰমণক মাধ্যম কৰি তেওঁ কাশ্মীৰকৰ অংগৰাজ্যৰ মৰ্যাদা ঘূৰাই বিচৰাৰ দাবী কেতিয়াও নকৰে। সোমবাৰে বিধানসভাত তেওঁ কয়, পেহেলগাম আক্ৰমণৰ পাছতে আমি কোন মুখেৰে কাশ্মীৰৰ বাবে পূৰ্ণৰাজ্যৰ মৰ্যাদা দাবী কৰিম?

আমি এই দাবী আগতেও কৰিছিলো, আগলৈয়ো কৰিম। কিন্তু এতিয়া আমি যদি ২৬ জনৰ এইদৰে মৃত্যু হৈছে সেয়ে আমাক ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়ক বুলি দাবী কৰো তেন্তে আমাৰ বাবে সেয়া হব খুবেই লজ্জাজনক। আমাৰ ৰাজনীতি ইমান নিম্নমানৰ নেকি?

 

পেহেলগাম ওমৰ আব্দুল্লা জম্মু কাশ্মীৰ