ডিজিটেল ডেস্কঃ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাজ্যখনত প্ৰায়ে দেখা গৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বিজেপিয়ে চৰকাৰ গঠন কৰিলে সেই চৰকাৰে কি কি কৰিব তাৰ বহু মিঠা প্ৰতিশ্ৰুতিও দিছিল ঝাৰখণ্ডবাসীক। ঝাৰখণ্ড মুক্তি মৰ্চা আৰু বিৰোধী ঐক্য শক্তিৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই দিছিল ৰণ হুংকাৰ। পিছে নিৰ্বাচনৰ ফলাফলত দেখা গ'ল ঝাৰখণ্ডত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যাদু নচলিল।
তাৰ বিপৰীতে ঝাৰখণ্ডবাসীয়ে হেমন্ত চোৰেনকহে আস্থাত ল'লে। ৮১খন আসনযুক্ত ঝাৰখণ্ড বিধানসভাত এই মূৰ্হুতলৈকে ৫০খন আসনত আগবাঢ়ি আছে ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন ইণ্ডিয়া মৰ্চা। তাৰ বিপৰীতে ৩০খন আসনত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী।
২৬খন আসনত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী আগবাঢ়ি থকাৰ লগতে মিত্ৰদল কংগ্ৰেছৰ প্ৰাৰ্থী ১৫খনত আৰু আৰ জে ডি প্ৰাৰ্থী ৪খনত, চি পি আই এম এলৰ প্ৰাৰ্থী ২খনত আগবাঢ়ি আছে। উল্লেখ কৰা প্ৰয়োজন যে, ঝাৰখণ্ড নিৰ্বাচনত প্ৰথমৰ পৰা শেষলৈ প্ৰায় অৰ্ধশতাধিক নিৰ্বাচনী সভাৰ লগতে ৰেলী সম্বোধন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবেলি নিৰ্বাচনৰ দায়িত্ব ৰাষ্ট্ৰীয় কৰ্তৃপক্ষই হিমন্ত বিশ্ব শৰ্মাৰ কান্ধতে অৰ্পন কৰিছিল।