/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/65d0adec-02e0-4c6e-96fd-dc21b38b830b/z9.jpg)
ডিজিটেল ডেস্ক: অসম চৰকাৰে টাটা ইণ্ডাষ্ট্ৰীজৰ সহযোগত অসমৰ আই.টি.আই সমূহক উন্নত ঔদ্যোগিক প্ৰযুক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত কৰি অসমত গুণগত প্ৰযুক্তিৰ প্ৰশিক্ষণ প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। অসমত আই.টি.আই সমূহত এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে যোৱা দুদিন ধৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই চেন্নাই আৰু বাংগালোৰস্থিত আই টি আই পৰিদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/f08bc2af-5512-4fe4-9178-a254194a0f5f/77f2fa53_73c9_40dc_8071_186a37800e40.jpg)
প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে মন্ত্ৰী বৰুৱাই চেন্নাইৰ গুইন্দী আৰু দ্বিতীয় দিনা বাংগালোৰৰ পিন্যা আই.টি.আইত উপস্থিত হৈ আই.টি.আই দুখন পৰিদৰ্শন কৰি তাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। টাটা ইণ্ডাষ্ট্ৰীজৰ সহযোগত আই.টি.আইসমূহত উদ্যোগিক প্ৰশিক্ষণ ব্যৱস্থা যিদৰে উন্নতৰূপত গঢ়ি তোলা হৈছে সেয়া অতুলনীয় বুলি উল্লেখ কৰি মন্ত্ৰী বৰুৱাই নৱেম্বৰৰ পৰা পৰ্যায়ক্ৰমে অসমৰ ৬১ খন আই টি আইত আৰম্ভ হ’বলগীয়া প্ৰযুক্তিগত প্ৰশিক্ষণ ব্যৱস্থাৰ এই ধৰণৰ উন্নীতকৰণে অসমত উদ্ভাৱন আৰু নিয়োগক এক নতুন গতি প্ৰদান কৰিব বুলি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/98713615-edd6-4962-9ad5-7146572494a8/34724d8f_d651_4312_b9d2_8d28eefd205c.jpg)
উল্লেখযোগ্য যে, এই যাত্ৰা কালত মন্ত্ৰী বৰুৱাই ইছৰো, আই আই টি মাদ্ৰাছ, আই আই এচ চি বাংগালোৰ আদিৰ দৰে প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰি তাত চলি থকা বিভিন্ন গৱেষণামূলক কাম কাজৰ ওপৰতো আলোচনাত মিলিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/314a104a-e9c7-4bfc-8150-28faa51c1ca4/cd5065a1_fa85_4861_a8cd_b111163e063a.jpg)
Also Read: হাংজৌত সৃষ্টি নতুন অভিলেখ...