অশান্ত জম্মু-কাশ্মীৰঃ পুনৰ সেনা আৰক্ষীৰে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, এজন নিহত...

author-image
Asomiya Pratidin
New Update
তিনি দিনত তিনিটাকৈ সন্ত্ৰাসবাদী আক্ৰমণঃ কাশ্মীৰত সন্ত্ৰাসবাদৰ কিৰিলি...

jammu kashmir represENTETIVE PHOTO

ডিজিটেল ডেস্কঃ শান্ত হোৱা নাই জম্মু-কাশ্মীৰ। প্ৰায় প্ৰতিদিনেই জম্মু-কাশ্মীৰত সংঘটিত হৈ আহিছে এটাৰ পিছত আন এটা সন্ত্ৰাসমূলক কাৰ্যকলাপ। প্ৰায় প্ৰতিদিনেই সেনা, আৰক্ষী তথা নিৰপাত্তাৰক্ষীৰে সংঘৰ্ষত লিপ্ত হৈছে সন্ত্ৰাসবাদী সংগঠনৰ সদস্য।

আজি পুনৰ অনন্তনাগত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় এক সংঘৰ্ষ। সুৰক্ষা বহিনীৰ গুলীত এই অনন্তনাগ অঞ্চলৰ টাংপাৱাত এটা সন্ত্ৰাসবাদী নিহত হৈছে।

অঞ্চলটোত আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযান এতিয়াও অব্যাহত আছে। জম্মু-কাশ্মীৰৰ আৰক্ষীয়ে সদৰী কৰা মতে দেওবাৰে সন্ধিয়া এই অঞ্চলত অতি কমেও দুটা সন্ত্ৰাসবাদীয়ে আশ্ৰয় গ্ৰহণ কৰাৰ তথ্য লাভ কৰিছিল।

সেই তথ্যৰ আধাৰতে অঞ্চলটো ঘেৰাও কৰি অভিযান চলাইছিল। এই অভিযানৰ সময়তে সন্ত্ৰাসবাদীটো নিহত হৈছে। অৱশ্যে নিহত সন্ত্ৰাসবাদীটো কোনটো সংগঠনৰ সদস্য সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। সন্ত্ৰাসবাদীটোৰ পৰিচয়ো লাভ কৰা হোৱা নাই।

mir jammu kash