ডিজিটেল ডেস্কঃ জম্মু আৰু কাশ্মীৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ভূ-স্বৰ্গ কাশ্মীৰৰ বান্দিপোৰা জিলাত নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ খাৱৈত বাগৰিল এখন সেনা বাহিনীৰ বাহন। ফলত মৃত্যু হৈছে অতি কমেও ৪ জন সেনা জোৱানৰ।
আনহাতে আহত হৈছে আৰু ৩ জন সেনা জোৱান। ঘটনা সংঘটিত হোৱাৰ পাছতে আৰম্ভ হয় উদ্ধাৰ অভিযান।সেনাৰ সূত্ৰত প্ৰকাশিত খবৰ মতে বান্দিপোৰা জিলাৰ সদৰৰ পৰা কিছু আঁতৰত এটা পাহাৰীয়া পথত সেনা বাহিনীৰ এই ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই।
ইতিমধ্যে আহতসকলক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। হাস্পতালত চাৰিজনকৈ সেনা জোৱানৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হৈছে। আহত ৩ জন সেনা জোৱানৰ অৱস্থা অৱশ্যে বৰ্তমান সুস্থিৰ যদিও সংকটমুক্ত নহয়।
ঘটনা সন্দৰ্ভত ভাৰতীয় সেনাই এক্স হেণ্ডেলত লিখিছে এইদৰে-
''বান্দিপোৰা জিলাত কৰ্তব্য পালন কৰি থাকোতে, ভাৰতীয় সেনাৰ এখন বাহন পিছলি যায় আৰু প্ৰতিকূল বতৰ আৰু দুৰ্বল দৃশ্যমানতাৰ পৰিস্থিতিৰ বাবে খাৱৈত পৰে। আঘাতপ্ৰাপ্ত সৈনিকসকলক কাশ্মীৰী স্থানীয় লোকসকলৰ সহায়ত তৎক্ষণাৎ চিকিৎসা সেৱাৰ বাবে স্থানান্তৰ কৰা হয়, যাৰ বাবে আমি তাৎক্ষণিক সহায় আগবঢ়োৱাৰ বাবে নাগৰিকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।দুখজনকভাৱে তিনিজন সাহসীয়ে দুৰ্ভাগ্যজনক দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱালে। ভাৰতীয় সেনাই শোকসন্তপ্ত পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে।''
On 04 Jan 24, while performing duty in Bandipora District, a vehicle of Indian Army skid and fell into the gorge due to inclement weather and poor visibility conditions.
— Chinar Corps🍁 - Indian Army (@ChinarcorpsIA) January 4, 2025
Injured soldiers were promptly evacuated for medical care with assistance from Kashmiri locals, for which we… pic.twitter.com/JdSkKgQPjK
ঘটনাস্থলীত সেনাৰ উপৰিও স্থানীয় আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কাৰ্যত নামি পৰে। মন কৰিবলগীয়া যে, ভূ-স্বৰ্গ কাশ্মীৰত দ খাৱৈত বাহন বাগৰি পৰাৰ ফলত মৃত্যুৰ ঘটনা এয়াই প্ৰথম নহয়।
অতি শেহতীয়াকৈ যোৱা ২৪ ডিচেম্বৰত পুঞ্চ অঞ্চলত অনুৰূপ ধৰণে প্ৰায় ৩০০ ফুট দ এটা খাৱৈত সেনাৰ আন এখন বাহন বাগৰি পৰিছিল। সেই দুৰ্ঘটনাত মৃত্যু হৈছিল ৫ জন সেনা জোৱানৰ। আহত হৈছিল আন ৫ জন জোৱান।
তাৰ পূৰ্বে নৱেম্বৰ মাহত ৰৌজাৰী জিলাত অনুৰূপ দুৰ্ঘটনাত অন্য এজন সেনা জোৱানৰ মৃত্যুৰ লগতে এজন আহত হৈছিল।