যাদৱপুৰ বিশ্ববিদ্যালয়ত হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰাক্তন আৱাসী

মূল অভিযুক্ত সৌৰভ চৌধুৰীয়ে ২০২২ চনতেই গণিত বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কিন্তু বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্ত হোৱাৰ পিছতো অবৈধভাৱে ছাত্ৰাবাসত থকাৰ উপৰি মেচ কমিটিৰ দায়িত্ব স্বেচাই পালন কৰিছিল।
যাদৱপুৰ বিশ্ববিদ্যালয়ত হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰাক্তন আৱাসী

ডিজিটেল ডেস্কঃ শিক্ষানুষ্ঠানসমূহৰ একাংশ হোষ্টেলত চা-চিনাকিৰ অজুহাতত জ্যেষ্ঠ আৱাসীসকলে ৰেগিং কৰা কোনো নতুন কথা নহয়। নৱাগতসকলৰ লগত পৰিচয় হোৱাৰ নামত তেওঁলোকে কৰা অমানৱীয় অত্যাচাৰৰ কথা প্ৰায়ে বাতৰিৰ শিৰোণাম দখল কৰে।

প্ৰশাসনীয় ব্যৱস্থাৰ অভাৱৰ হেতু এনেবোৰ অবাঞ্চিত ঘটনা ঘটিয়েই থাকে। এনেবোৰ ঘটনা-পৰিঘটনাৰ মাজতে শুকুৰবাৰে কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত অনুজ আৱাসীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হয় বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সৌৰভ চৌধুৰী।

উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ প্ৰথম বৰ্ষৰ ছাত্ৰ স্বপ্নদীপ কোন্দোৰ হত্যাৰ মূল অভিযুক্ত সৌৰভ চৌধুৰীয়ে ২০২২ চনতেই গণিত বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কিন্তু বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্ত হোৱাৰ পিছতো অবৈধভাৱে ছাত্ৰাবাসত থকাৰ উপৰি মেচ কমিটিৰ দায়িত্ব স্বেচাই পালন কৰিছিল।

মৃত স্বপ্নদীপ কোন্দোৰ পিতৃ ৰামপ্ৰসাদ কোন্দোৱে জনোৱা অনুসৰি, বিশ্ববিদ্যালয় ছাত্ৰাবাসৰ একাংশ ছাত্ৰ এই হত্যাকাণ্ডৰ লগত জড়িত থকা বুলি বিস্ফোৰক মন্তব্য প্ৰদান কৰে। পিতৃগৰাকীৰ এই অভিযোগৰ ভিত্তিতে মূল অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বুলি যুটীয়া আৰক্ষী আয়ুক্ত শংখ সুব্ৰ চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়ে।

বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, স্বপ্নদীপ কোন্দোৰ পিতৃয়ে দাখিল কৰা এজাহাৰত সৌৰভ চৌধুৰীৰ নাম সন্নিৱিষ্ট কৰা হৈছে। ইফালে আৰক্ষীৰ জেৰাত সৌৰভ চৌধুৰীয়ে তেওঁৰ ওপৰত তোলা সকলো অভিযোগ অস্বীকাৰ কৰিছে।

লগতে অভিযুক্ত সৌৰভে আৰক্ষীৰ আগক প্ৰদান কৰা ভাষ্য অনুসৰি, তেওঁ স্বপ্নদীপ আৰু তেওঁৰ পিতৃক ৩ আগষ্টত বিশ্ববিদ্যালয়ৰ সমীপৰ এখন চাহৰ দোকানত প্ৰথম লগ পাইছিল। স্বপ্নদীপৰ পিতৃয়ে তেওঁক বিশ্ববিদ্যালয় হোষ্টেলত চীট নোপোৱাৰ কথা জনাইছিল।

তেতিয়া সৌৰভে ১০০০ টকাৰ বিনিময়ত স্বপ্নদীপক অতিথিআৱাসী ৰূপে ৰাখিব পাৰিব বুলি জনাইছিল। অৱশ্যে বিশ্ববিদ্যালয়খনৰ অতিথি আৱাসী ৰখাটো অবৈধ,তথাপি মেচ কমিটিৰ মূল দায়িত্বত থকা বাবে সৌৰভে স্বপ্নদীপক হোষ্টেলত ৰাখিব পাৰিব বুলি ৰামপ্ৰসাদ কোন্দোক জনাইছিল।

আনহাতে, যোৱা দেওবাৰে ধৃত সৌৰভে স্বপ্নদীপক হোষ্টেলৰ ১০৮ নং কোঠাত থকাৰ বাবে লৈ যায়। য’ত পূৰ্বৰে পৰা তিনিজন ছাত্ৰ আছিল। মনোবিজ্ঞান আৰু অৰ্থনীতি বিভাগৰ দ্বিতীয় বৰ্ষৰ দুজন ছাত্ৰ আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙৰ তৃতীয় বৰ্ষৰ এজন ছাত্ৰ।

তাৎপৰ্যপূৰ্ণভাৱে যাদৱপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সৌৰভ চৌধুৰীৰ ক্ষেত্ৰত গা এৰা মন্তব্য আগবঢ়াই কয় যে, বিশ্ববিদ্যালয়ত মেচ কমিটিৰ মূল দায়িত্বৰ কোনো আনুষ্ঠানিক পদ নাই। বিশ্ববিদ্যালয় হোষ্টেলত থাকিব দিয়াৰ বিনিময়ত যদি তেওঁ টকা লৈছে তেন্তে সেয়া অবৈধ কোনো কাৰণতে ই গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈ ছাত্ৰাবাসৰ প্ৰায় ২০ জন ছাত্ৰক সোধা-পোছা কৰিছে। লগতে বিশ্ববিদ্যালখনৰ ডিন ৰজত ৰয়, ছাত্ৰাবাসৰ অধীক্ষক তপন কুমাৰ ঝাঁ,বঙালী বিভাগৰ মুৰব্বী অধ্যাপক জয়দীপ ঘোষ আৰু আন বিষয়াসকলৰ ভাষ্য গ্ৰহণ কৰে।

ডিন ৰজত ৰয় জনোৱা মতে, নিশা তেওঁক হোষ্টেলৰ আৱাসী এজনে ফোন কৰি জনাই যে, এজন ছাত্ৰক বেলকনিৰ পৰা জপিয়াবলৈ কোৱা হৈছে। তেওঁ লগে লগে ছাত্ৰাবাসৰ অধীক্ষকক বিষয়টো সন্দৰ্ভত জনাই আৰু এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিয়ে।

উক্ত ঘটনাৰ পিচতে নিশা প্ৰায় ১১-৫ বজাত ছাত্ৰাবাসৰ অধীক্ষকে ৰজত ৰয়ক জনাই যে ছাত্ৰ এজন ছাত্ৰাবাসৰ পৰা পৰিছে। ৰয়ে ততাতয়াকৈ ছাত্ৰজনক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে।

প্ৰয়াত স্বপ্নদীপৰ পিতৃয়ে আৰক্ষীক জনাই যে, ধৃত সৌৰভৰ নেতৃত্বত একাংশ ছাত্ৰই স্বপ্নদীপৰ ওপৰত অত্যাচাৰ চলাইছিল। স্বপ্নদীপে ফোনত সকলো কথা খোলাখুলিকৈ ক'ব পৰা নাছিল যদিও তেওঁ এই কথা উপলব্ধি কৰিছিল।

উল্লেখযোগ্য যে শুকুৰবাৰে স্বপ্নদীপক পৰিয়ালে ঘৰলৈ উভতাই নিয়াৰ কথা ভাবিছিল। কিন্তু সেইদিনা নিশা তেওঁক কেইবাবাৰো ফোন কৰাৰ পিছত তেওঁৰ ফোনটো কাটি গৈছিল।

সমগ্ৰ ঘটনা সন্দৰ্ভত পিতৃ ৰামপ্ৰসাদ দাসে আৰক্ষীৰ আগত নিজ পুত্ৰৰ মৃত্যুৰ উচিত তদন্ত কৰি অতিশীঘ্ৰেই দোষীক শাস্তি প্ৰদান কৰাৰ বাবে আহ্বান জনায়।

যাদৱপুৰ বিশ্ববিদ্যালয়ত হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰাক্তন আৱাসী
কাজিৰঙাত বিশ্ব হস্তী দিৱস উদযাপন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in