'গগণযান'ৰ বাবে সাজু ভাৰতঃ মহাকাশলৈ থলুৱা প্ৰযুক্তিৰে ইছৰোৱে প্ৰেৰণ কৰিব মানুহ...

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰিছে ভাৰতে। সফল চন্দ্ৰ অভিযানৰ পিছত এইবাৰ 'গগণযান' অভিযানৰ জৰিয়তে মহাকাশলৈ মানুহ প্ৰেৰণ কৰিবলৈ সাজু হৈছে ভাৰত।

author-image
Tushar Pratim
New Update
'গগণযান'ৰ বাবে সাজু ভাৰতঃ মহাকাশলৈ থলুৱা প্ৰযুক্তিৰে ইছৰোৱে প্ৰেৰণ কৰিব মানুহ...

ডিজিটেল ডেস্কঃ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰিছে ভাৰতে। সফল চন্দ্ৰ অভিযানৰ পিছত এইবাৰ মহাকাশলৈ মানুহ প্ৰেৰণ কৰিবলৈ সাজু হৈছে ভাৰত। ২০২২ চনতেই মহাকাশলৈ ইছৰোৱে মানুহ প্ৰেৰণ কৰাৰ লক্ষ্য লৈছিল যদিও ২০২২ ত সেই লক্ষ্যত উপনীত হ’ব নোৱাৰিলে ভাৰত। তথাপিও ভাপতে চন্দ্ৰলৈ মানৱ বিহীন মহাকাশযান প্ৰেৰণ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। 

Advertisment

ইতিমধ্যে ইছৰোৱে মহাকাশলৈ মানুহ প্ৰেৰণ কৰি তেওঁলোকক কিদৰে সুকলমে ঘূৰাই আনিব পাৰি সেই সন্দৰ্ভতো পৰীক্ষা সম্পন্ন কৰিছে। সেই অনুসৰিই ইছৰোৱে মহাকাশত ৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কক্ষপথলৈ মানুহ প্ৰেৰণ কৰাৰ বাবে সাজু হৈছে। কেৱল সেয়াই নহয়, মহাকাশলৈ কাক প্ৰেৰণ কৰিব সেই সিদ্ধান্তও গ্ৰহণ কৰিছে ইছৰোৱে। 

গগণযান শীৰ্ষক এই অভিযানৰ বাবে ইছৰোৱে চাৰি মহাকাশচাৰী ক্ৰমে বালকৃষ্ণন নাইৰ, অংগদ প্ৰতাপ, অজিত কৃষ্ণন আৰু শুভাংশু শুক্লাক বাচনি কৰিছে ইছৰোৱে। 

গগণযানৰ বাবে সাজু ইছৰো

ইছৰোৰ মুৰব্বী ভি নাৰায়ণে এই অভিযানৰ সন্দৰ্ভত কয় যে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত গগণযানৰ প্ৰাৰম্ভিক পৰীক্ষামূলক যাত্ৰা আৰম্ভ হ’ব। আনহাতে বৃহস্পতিবাৰে মহাকাশচাৰী সুভাংশু শুক্লাই সংবাদ মাধ্যমৰ আগত কয় যে, ভাৰত মানুহৰ সৈতে মহাকাশলৈ যাবলৈ সাজু। এতিয়া মাত্ৰ কেইদিনমানৰ অপেক্ষাৰ কথা। 

লগতে তেওঁ কয়, "এয়া প্ৰতিজন ভাৰতীয়ৰ বাবে এক বৃহৎ জয়। ইছৰোৰ লগতে সমগ্ৰ ভাৰতেই এই সপোন বাস্তৱায়িত কৰিবলৈ সাজু।" আন এজন মহাকাশচাৰী পি বালকৃষ্ণনেও একেদৰে কয়, "এয়া কোনো সৰু কৃতিত্ব নহয়। এইবাৰ আমাৰ সময় আহিছে। ভাৰত মহাকাশলৈ মানৱযুক্ত গগণযান প্ৰেৰণ কৰিবলৈ সাজু।" 

এক্সিয়াম-৪ৰ পৰা লাভ কৰা অভিজ্ঞতা

১৬ আগষ্টত স্বদেশ ভৰি থৈছিল এক্সিায়াম-৪ অভিযানৰ অন্যতম সদস্য মহাকাশচাৰী শুভাংশু শুক্লাই।মাত্ৰ কেইটামান দিনৰ পূৰ্বে মহাকাশৰ পৰা অহা শুভাংশু শুক্লাই মহাকাশত ১৮ টা দিন কটাইছিল। 

স্বদেশত ভৰি থোৱাৰ পিছতে তেওঁ এতিয়া মহাকাশৰ অভিজ্ঞতাৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াইছে। বৃহস্পতিবাৰেও তেওঁ তৰুণ প্ৰজন্মক সম্বোধন কৰি কয় যে তেওঁ কেতিয়াও ভবা নাছিল যে মহাকাশলৈ যাব পাৰিব। গতিকে, তেওঁ যদি মহাকাশলৈ যাব পাৰে তেন্তে ভাৰতৰ বাকী ল’ৰা-ছোৱালীবোৰেও মহাকাশলৈ যাব পাৰিব। 

তেওঁ লগতে কয় যে ভাৰতীয় মহাকাশ কেন্দ্ৰ, গগণযানকে ধৰি ধৰি বহু নতুন প্ৰকল্প আছে ইছৰোৰো। শুভাংশু শুক্লাই আৰু কয়, মহাকাশ কেন্দ্ৰত থকাৰ সময়ত তেওঁ যিখিনি অভিজ্ঞতা লাভ কৰিছে সেই অভিজ্ঞতা গগণযান অভিযানৰ সময়ত কামত আহিব। যদি সকলো ঠিকে থাকে আৰু এই অভিযান সফল হয়, তেন্তে ৰাছিয়া, আমেৰিকা আৰু চীনৰ পিছতে ভাৰতে নিজৰ প্ৰযুক্তি ব্যৱহাৰ কৰি মহাকাশলৈ মানুহ পঠিওৱা দেশ হিচাপে পৰিগণিত হ’ব।

ইছৰো